
কেতিয়া সম্প্ৰসাৰণ হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ? দীৰ্ঘদিন ধৰি চলি আছে এই জল্পনা-কল্পনা।
কেতিয়া সম্প্ৰসাৰণ হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ? দীৰ্ঘদিন ধৰি চলি আছে এই জল্পনা-কল্পনা।
কেতিয়া সম্প্ৰসাৰণ হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ? দীৰ্ঘদিন ধৰি চলি আছে এই জল্পনা-কল্পনা। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰিছিল যদিও দেওবাৰে এই প্ৰসংগত বিশেষ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে,'মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ এই বছৰৰ শেষৰ ফালে বিষয়টো চাম।প্ৰথম বৰ্ষপূৰ্তিৰ ছয় মাহ কোভিডতে গ'ল। আমাৰ টেমটোয়ে কামেই কৰিব পোৱা নাই। সেয়েহে এতিয়াই ভৱা নাই সম্প্ৰসাৰণৰ কথা।'
ইফালে আজিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক। ডিমা হাছাওৰ মাইবং আৰু হাৰাংগাজাও পথৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। লগতে ৩১মে'ৰ ভিতৰত মটৰ-গাড়ী পৰিবহণ কৰিব পৰা কৰি দিয়াৰ আশ্বাস দিছে ৷ ইফালে আজি ৮ বজাত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ ডিমা হাছাও আৰু বৰাক উপত্যকাৰ বানত বিধ্বস্ত ৰেলপথ মেৰামতিৰ বাবে জনাব আহ্বান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|