কেতিয়া নুমাব বাঘজানৰ জুই? শেষ যুদ্ধত নামিছে বিশেষজ্ঞৰ দল

News18 Assam | News18-Assam
Updated:July 31, 2020, 9:31 AM IST
কেতিয়া নুমাব বাঘজানৰ জুই? শেষ যুদ্ধত নামিছে বিশেষজ্ঞৰ দল
বৃহস্পতিবাৰে BGR -৫ নং ত BOP স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। হয়তো নিশাৰ ভাগলৈ আহিব পাৰে সু-খবৰ।

বৃহস্পতিবাৰে BGR -৫ নং ত BOP স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। হয়তো নিশাৰ ভাগলৈ আহিব পাৰে সু-খবৰ।

  • Share this:
তিনিচুকীয়াৰ বাঘজান তৈল খাদৰ অগ্নিকাণ্ডৰ আজি ৬৫ টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপন কৰিব পৰা নাই অইল ইণ্ডিয়া লিমিটেডে। বৃহস্পতিবাৰে BGR -৫ নং ত BOP স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। হয়তো শীঘ্ৰেই  আহিব পাৰে সু-খবৰ।

জুই নিৰ্বাপনৰ বাবে অইল , অ এন জি চি, ছিংগাপুৰৰ এলাৰ্টৰ বিশেষজ্ঞৰ দলে, বৰোদাৰ পৰা অহা টিম,অগ্নি নিৰ্বাপক বাহিনী লগতে ভাৰতীয়  বায়ু সেনা প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই মূহুৰ্তলৈকে সফল হোৱা নাই। 

সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে যি জুই নুমুৱাৰ প্ৰক্ৰিয়া। ৩০০০ হাজাৰ ফুট দহ পৰা অহৰহ গতিত যি জুই নিৰ্গত হৈ আছে তাত একেৰাহে ছাতি আকাৰ দি কেইবাটাও পাম্পৰ সহায়ত পানী নিষ্কাসনৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ বিস্ফোৰণৰ ঘটনা সংঘটিত নহয় আৰু ৩০০০ ফুট সুৰুঙাৰ পৰা যি জুই নিৰ্গত হৈ আছে তাৰ চাৰিও ফালে ৯ ফুট দ’কৈ গাঁত খন্দা হৈছে।

লগতে এখন এঢলীয়া পথ নিৰ্মাণ কৰা হৈছে কিছু অত্যাধুনিক যন্ত্ৰৰে আৰু এই পথটোৰে এটা বিপদৰ যাত্ৰা কৰি ছিংগাপুৰৰ পৰা অহা ৬ জনীয়া বিশেষজ্ঞৰ দলটো,অইল ইণ্ডিয়াৰ টিম,বৰদাৰ পৰা অহা টিম,অগ্নি নিৰ্বাপক বাহিনী সকলোৱে একেলগে জুই নিৰ্বাপন কৰিব চেষ্টা চলাইছে । 

ইতিমধ্যে বৃহস্পতিবাৰে BOP (Blow Out Preventer) অৰ্থাৎ ডাকুন স্থাপনৰ দ্বাৰা অন্তিম বাৰৰ বাবে শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছে অইল ইণ্ডিয়া লিমিটেডে। ইফালে বাঘজানৰ অগ্নি নিৰ্বাপন নোহোৱাৰ বাবে সম্পূৰ্ণ ৬৫ টা দিন ধৰি আশ্ৰয় শিবিৰতে দিন অতিবাহিত কৰিছে বাঘজানৰ লগতে নতুন ৰঙাগড়া বাসী ৰাইজে ফলত পুনৰ উত্তপ্ত হৈছে বাঘজান। প্ৰশ্ন এটাই কেতিয়া নিৰ্বাপন হব বাঘজানৰ জুই।
First published: July 31, 2020, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি