কেতিয়ালৈ অন্ত পৰিব বাঘজানৰ বিভীষিকাৰ? কান্দি কান্দি দিন পাৰ কৰিছে ভুক্তভোগী পৰিয়ালে

অঞ্চলটোৰ কেইবাখনো বিদ্যালয়কে ধৰি প্ৰায় ১০টাতকৈ অধিক আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভৱিষ্যৎ বৰ্তমান অনিশ্চয়তাত।
অঞ্চলটোৰ কেইবাখনো বিদ্যালয়কে ধৰি প্ৰায় ১০টাতকৈ অধিক আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভৱিষ্যৎ বৰ্তমান অনিশ্চয়তাত।
- News18 Assam
- Last Updated: June 20, 2020, 8:32 AM IST
অইল ইণ্ডিয়াই গুজৰাটৰ জন এনাৰ্জি নামৰ এটা ব্যক্তিগত কোম্পানীক খাদটোৰ তদাৰকৰ দায়িত্ব দিছিল। কিন্তু কাৰিকৰী দিশত অনভিজ্ঞ বুলি অভিযোগ থকা এই জন এনাৰ্জিয়ে খাদটোত কাম কৰি থকাৰ সময়তেই সংঘটিত হোৱা বিস্ফোৰণে নিমিষতে কাল অমানিশা নমাই আনিলে অঞ্চলটোৰ প্ৰায় আঠ শতাধিক পৰিয়ালৰ মাজত।
এই ঘটনাৰ পিছতেই অইল ইণ্ডিয়া, অ’এন জি চিৰ লগতে বিদেশৰ পৰা অহা বিশেষজ্ঞৰ দল খাদটো নিয়ন্ত্ৰণৰ বাবে নামি পৰিল। কিন্তু ১৩টা দিনে অহৰহ তেল মিশ্ৰিত গেছ নিৰ্গমন হোৱাৰ অন্তত ৯ জুন তাৰিখে খাদটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল। খাদটোৰ পৰা নিৰ্গত হোৱা তেলৰ চামনি পৰা সমস্ত অঞ্চল অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইৰ লেলিহান শিখাই চানি ধৰিলে। আপোন ঘৰ-বাৰী হেৰুৱাই ১০টাতকৈ অধিক আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা বাঘজান বাসী ৰাইজৰ আলৈ-আথানি দুগুনে বৃদ্ধি পালে।
অঞ্চলটোৰ কেইবাখনো বিদ্যালয়কে ধৰি প্ৰায় ১০টাতকৈ অধিক আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভৱিষ্যৎ বৰ্তমান অনিশ্চয়তাত। ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি মৎসজীৱী লোকসকললৈ, গো-পালকৰ পৰা আৰম্ভ কৰি সাধাৰণ শাক-পাছলিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা প্ৰতিটো পৰিয়ালৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। জীৱনৰ সৰ্বস্ব হেৰুৱাই বৰ্তমান আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা এইসকল লোকৰ মৰ্মবেদনা উপলব্ধিৰ ক্ষেত্ৰতো চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষ চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
এফালে আশ্ৰয় শিবিৰত কণ কণ শিশুকে ধৰি কেইবাগৰাকীও গৰ্ভৱতী মহিলাই দুৰ্বিসহ জীৱন কটাইছে। এতিয়া প্ৰশ্ন হ'য়, কেতিয়ালৈ নিৰ্বাপিত হ'ব বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ড? কেতিয়া অন্ত পৰিব বৃহত্বৰ বাঘজানবাসীৰ দুৰ্দশা।