শিক্ষকসকল সাজু হওক, দেওবাৰেও যাব লাগিব বিদ্যালয়লৈ!

News18 Assam | News18-Assam
Updated:September 5, 2020, 8:53 PM IST
শিক্ষকসকল সাজু হওক, দেওবাৰেও যাব লাগিব বিদ্যালয়লৈ!
কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ছমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ছমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

  • Share this:
এতিয়াও অব্যাহত আছে কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ছমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। অনলাইনৰ জৰিয়তে শিক্ষকে পাঠদান কৰিছে যদিও উপকৃত হ’ব পৰা নাই অধিকাংশ ছাত্ৰ-ছাত্ৰী।

ৰাজ্যত শনিবাৰৰ পৰা আৰম্ভ হ’ল আনল’ক ৪। এতিয়া কিছুদিন পিছতে ৰাজ্যৰ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ খোলা হ’ব বুলি স্পষ্ট ইংগিত দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা।    কিন্তু বিগত ছমাহে পাঠদান বন্ধ থকাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল। এতিয়া সেই লোকচানৰ পৰা শিক্ষাৰ্থীক উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিছে শিক্ষা বিভাগে। ফলত বিদ্যালয় খোলাৰ লাগে লাগে শনিবাৰ আৰু দেওবাৰেও পাঠদান কৰিব লাগিব শিক্ষকসকলে।

শনিবাৰে ৫৯ সংখ্যক শিক্ষক দিৱসৰ দিনা এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে, 'ল’ক ডাউনত ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হোৱা সময়বোৰ ঘূৰাই দিবৰ বাবে শিক্ষক-শিক্ষয়ত্ৰীসকলে শনিবাৰ আৰু দেওবাৰে অবিৰামভাবে আহিব লাগিব বিদ্যালয় অথবা মহাবিদ্যালয়লৈ। হয়তো বছৰটোৰ পাঠ্যক্ৰম শেষ নোহোৱা পৰ্যন্ত প্ৰতিটো শনিবাৰ আৰু দেওবাৰেও বিদ্যালয়লৈ আহিবলগীয়া হ’ব পাৰে শিক্ষক সকল।

যোৱা সাতটা মাহে চিকিৎসকে জনসাধাৰণক পি পি ই কিট পিন্ধি সেৱা আগবঢ়াই অহাৰ নিচিনাকৈ বিদ্যালয় খোলাৰ পিছত তেনেদৰে সেৱা আগবঢ়াব লাগিব শিক্ষকসকলে।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 8:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading