‘হিমন্ত তোমাৰ মতেই হ’ব’, একালৰ পুত্ৰসম হিমন্ত বিশ্বই শেষ জন্মদিনত কোৱা এইটো কথা মানি লৈছিল তৰুণ গগৈয়ে

News18 Assam | News18-Assam
Updated:November 24, 2020, 5:46 PM IST
‘হিমন্ত তোমাৰ মতেই হ’ব’, একালৰ পুত্ৰসম হিমন্ত বিশ্বই শেষ জন্মদিনত কোৱা এইটো কথা মানি লৈছিল তৰুণ গগৈয়ে
ফাইল ফটো

১২ অক্টোবৰত তৰুণ গগৈৰ জন্মদিন উপলক্ষ্যে হাস্পতালত কাৰ্যসূচীৰ আয়োজন নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুৰোধ বিনাবাক্যব্য়য়ে মানি লৈছিল তৰুণ গগৈয়ে।

  • Share this:
‘তেওঁৰ সৈতে মোৰ বিশ বছৰৰ অধিক পুৰণি সম্পৰ্ক। একেবাৰতে অভিজ্ঞতা কৈ দিয়াটো দিগদাৰ। বহুত কথাই আছে। তেওঁৰ অসুস্থতাৰ পিছত যোৱা কেইটামাহত মই ৭০ বাৰৰো অধিক তেওঁৰ ওচৰলৈ গৈছো। কেতিয়াবা স্বাস্থ্যৰ আপডেট ভাল থাকিলে কওঁ, তেওঁ হাঁহি এটা মাৰি শুনে। বহুতবাৰ কথা পাতিছো। এতিয়া চৰকাৰী দায়িত্বত আছো গতিকে তেওঁৰ সৈতে থকা স্মৃতি পিছত কেতিয়াবা বহলাই সোঁৱৰিম।’

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ পৰা তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সকলো কাম–কাজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাভাৱিকতে শোকাহত একালৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ সতীৰ্থ তথা মেণ্টৰ গগৈৰ প্ৰয়াণত। ডঃ শর্মাৰ কথা–বতৰাত শোকাৰ্ত ভাৱ ভালকৈয়ে বিদ্যমান। ক্ৰমাৎ অতি অসুস্থ হৈ পৰা তৰুণ গগৈৰ মৃত্যুৰ পূৰ্বে পত্নী–পুত্ৰ–কন্যা সহিতে তেওঁক শেষবাৰ দেখাও কৰিছিল তেওঁ। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুৰ পিছত দল নিৰ্বিশেষে সকলোৱে শোক প্ৰকাশ, স্মৃতি ৰোমন্থন কৰিলেও তেওঁৰ ৰাজনৈতিক জীৱনৰ দীঘলীয়া কালৰ সকলোতকৈ ঘনিষ্ঠ (বহুল ভাৱে প্ৰচলিত ভাষাত ব্লু আইড বয়) ডঃ হিমন্ত বিশ্ব শৰ্মাই গগৈৰ প্ৰসংগত ব্যক্তিগত মনোভাৱ এতিয়াও বিস্তৃতভাৱে প্ৰকাশ কৰা নাই।

তৰুণ গগৈ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘কেমেষ্ট্ৰী’ বহু সময়ত পিতা–পুত্ৰতকৈও অধিক প্ৰত্যক্ষ কৰা হৈছিল। ৰাজনৈতিক তিক্ততাৰ কাৰণে বাট সলনি কৰা ডঃ শৰ্মাক গগৈয়ে তেওঁৰ প্ৰত্যেক সংবাদমেলত উল্লেখ কৰাটো নিয়মৰ দৰে হৈছিল! আনহাতে তৰুণ গগৈ প্ৰসংগতো আক্ৰমণাত্মক বাক্যবাণ নিক্ষেপ কৰাত পিছ হুঁহকি ৰোৱা নাছিল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পিছে সকলো কথাই এদিন তল পৰে। কোৰোণাৰ সৈতে যুঁজি হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ পৰা কোৰোণাৰ পৰৱৰ্তী উপসৰ্গই সংকটজনক কৰি তোলা তৰুণ গগৈৰ চোৱা–চিতা কৰাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীজনৰ ব্যক্তিগত স্নেহ লক্ষ্য কৰা গৈছিল।  সাংবাদিকে সোধা ব্যক্তিগত অভিজ্ঞতাৰ প্ৰসংগত বহলাই নকলেও ডঃ হিমন্ত বিশ্ব শৰ্মাই জনালে এক বিশেষ মুহূৰ্তৰ কথা। ১১ অক্টোবৰত তৰুণ গগৈৰ জন্মদিন উপলক্ষ্যে হাস্পতালত কাৰ্যসূচীৰ আয়োজন নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুৰোধ বিনাবাক্যব্য়য়ে মানি লৈছিল তৰুণ গগৈয়ে।

‘তেওঁৰ জন্মদিনত সাধাৰণতে যিমান বয়স হয় সিমান ডাঙৰ কেক কটাৰ নিয়ম। যোৱামাহত তেওঁ হাস্পতালত আছিল। তাত অনুষ্ঠানৰ আয়োজন কৰাৰ সময়ত মই তেওঁক অনুৰোধ কৰিছিলো যে, হাস্পতালত এনে উদযাপনে তেওঁৰ কাৰণে ইনফেকচন বৃদ্ধিৰ ভয় বঢ়াব। গতিকে ইনফেকচন নহ’বলৈ তেওঁ সাৱধানে থাকি এই উদযাপন হাস্পতালত কৰা উচিত নহয়। তেওঁ লগে লগে কৈছিল, তুমি যেনেকৈ কৈছা তেনেকৈ হ’ব হিমন্ত।’

স্বাভাৱিকতে বাট সলনি হ’লেও স্নেহ একেবাৰে মচা নাযায় অন্তৰৰ পৰা।
First published: November 24, 2020, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading