• Home
  • »
  • News
  • »
  • assam
  • »
  • নাপায় গৰমৰ বন্ধ, দেওবাৰেও খোলা থাকিব পাৰে বিদ্যালয়-মহাবিদ্যালয়!

নাপায় গৰমৰ বন্ধ, দেওবাৰেও খোলা থাকিব পাৰে বিদ্যালয়-মহাবিদ্যালয়!

বুধবাৰে সংবাদমেল সম্বোধন কৰি ৩০ মে’ পৰ্যন্ত স্কুল-কলেজ বন্ধ থকাৰ ইংগিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বুধবাৰে সংবাদমেল সম্বোধন কৰি ৩০ মে’ পৰ্যন্ত স্কুল-কলেজ বন্ধ থকাৰ ইংগিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বুধবাৰে সংবাদমেল সম্বোধন কৰি ৩০ মে’ পৰ্যন্ত স্কুল-কলেজ বন্ধ থকাৰ ইংগিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
ল’ক ডাউনৰ ফলত এতিয়া বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। ফলত এতিয়া চিন্তাত পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল। এই সন্দৰ্ভত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষা বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছিল শিক্ষামন্ত্ৰী ড০ শৰ্মা।

বুধবাৰে সংবাদমেল সম্বোধন কৰি ৩০ মে’ পৰ্যন্ত স্কুল-কলেজ বন্ধ থকাৰ ইংগিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবৰ বাবে জুলাই মাহৰ গৰমৰ বন্ধ বাতিল কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। আনহাতে, শনিবাৰ আৰু দেওবাৰেও স্কুল, কলেজ খোলা ৰাখি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিলে মন্ত্ৰী ডঃ শৰ্মাই।

সংবাদমেলত কৰা আন কেত বোৰ ঘোষণা-

  • ল’ক ডাউনৰ সময়ত বেচৰকাৰী শিক্ষানুষ্ঠান সমূহলৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰিলে শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। এপ্ৰিলত ল’বলগীয়া মাৰ্চ মাহৰ স্কুলৰ সামগ্ৰিক মাছুলৰ ৫০% হে অভিভাৱকৰ পৰা আদায় লব পাৰিব বিদ্য়ালয় কতৃপক্ষই। এই সময়ত কোনো বেচৰকাৰী স্কুলে নিজাববীয়াকৈ মাছুল বঢ়াব নোৱাৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

  • ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষক তথা কৰ্মচাৰীৰো দৰমহা কৰ্তন কৰিব নোৱাৰিব

  • ল’ক ডাউনৰ ফলত অন্য জিলাত আবদ্ধ হৈ থকা লোকসকলে ঘৰলৈ উভতি যাব বিচাৰিলে উপায়ুক্তৰ জৰিয়তে আগতীয়া অনুমতি  লৈ অহা ২৫, ২৬,২৭ এপ্ৰিল তাৰিখে যাব পাৰিব। এই ক্ষেত্ৰত অনলাইনৰ জৰিয়তে উপায়ুক্ত কাৰ্যালয়ত আবেদন কৰিব লাগিব। আৰু গাড়ীৰ পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰি উপায়ক্ত কাৰ্যালয়ে যোগান ধৰিব ই-পাছ। আৰু এই পাছ খন এদিনৰ বাবেহে কাৰ্যক্ষম হৈ থাকিব।

  • ইফালে যিসকলৰ ব্যক্তিগত গাড়ী নাই, সেইসকলৰ বাবে চৰকাৰে অহা ২৫,২৬,২৭ এপ্ৰিল তাৰিখে  ASTC বাছৰ ব্যৱস্থা কৰিব। কেইখন মান বিশেষ জিলালৈ যোৱাৰ বাবেহে এই সুবিধা দিব চৰকাৰে। যিসকলে এই সুবিধা ল’ব বিচাৰে তেওঁলোকে ১০৪ নম্বৰত আজিৰ পৰাই ফোন কৰিব পাৰিব।

Published by:Himangshu Bhuyan
First published: