কেতিয়া মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ?

News18 Assam | News18-Assam
Updated:July 16, 2020, 11:37 PM IST
কেতিয়া মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ?
২১ জুলাইত নিয়াৰ আদালতত অখিল গগৈৰ বিৰুদ্ধে থকা দুটা গোচৰৰ শুনানি হ’ব ৷

২১ জুলাইত নিয়াৰ আদালতত অখিল গগৈৰ বিৰুদ্ধে থকা দুটা গোচৰৰ শুনানি হ’ব ৷

  • Share this:
কা বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে নেতৃত্ব প্ৰদান কৰা কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ সংক্ৰান্তত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ আদালতত হোৱা শুনানিত চাবুৱাৰ তিনিটাকৈ গোচৰত জামিন লাভ কৰে কৃষক নেতা অখিল গগৈয়ে। অৱশ্যে এন আই এৰ আন দুটা গোচৰ সংক্ৰান্তত শুনানিৰ পৰৱৰ্তী দিন নিৰ্ধাৰণ কৰিছে আদালতে। ২১ জুলাইত নিয়াৰ আদালতত অখিল গগৈৰ বিৰুদ্ধে থকা দুটা গোচৰৰ শুনানি হ’ব ৷ তাৰ পিছতেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব নে নাহে, সেয়া স্পষ্ট হ’ব। উল্লেখ্য যে, বুধবাৰে ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মঙলবাৰে মানস কোঁৱৰে জামিন লাভ কৰিছিল। কাৰাগাৰৰ পৰা মানস কোঁৱৰে মুকলি আকাশৰ তললৈ ওলাই আহিছে যদিও কোভিড-১৯ত আক্ৰান্ত বিতু সোণোৱাল সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে।
Published by: Sanjay Kumar Das
First published: July 16, 2020, 11:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading