কোভিডৰ সকলো নীতি-নিয়ম মানি মন্দিৰত এবাৰত ৩০জন ভক্তহে সোমোৱাৰ ব্যৱস্থা কৰিব পৰিচালনা সমিতিয়ে।
কোভিডৰ সকলো নীতি-নিয়ম মানি মন্দিৰত এবাৰত ৩০জন ভক্তহে সোমোৱাৰ ব্যৱস্থা কৰিব পৰিচালনা সমিতিয়ে।
কোভিড মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ। ভাৰতবৰ্ষৰ আন আন প্ৰাপ্তৰ মঠ-মন্দিৰসমূহ সীমিত ভক্তৰে খোল খাইছে যদিও এতিয়াও খোল খোৱা নাই শক্তিপীঠ কামাখ্যা। সোমবাৰে মন্দিৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিও কোভিডৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হ’ল মন্দিৰ পৰিচলনা সমিতি।
কিন্তু মন্দিৰ খোলাৰ সম্পৰ্কত পুনৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই। সকলো ঠিকে–থাকে থাকিলে অক্টোবৰৰ প্ৰথম সপ্তাহত খোল খাব শক্তিপীঠ কামাখ্যা। চলিত সপ্তাহৰ ভিতৰত জিলা প্ৰশাসনৰ সৈতে হ’বলগীয়া আলোচনাৰ পিছতে এই সিদ্ধান্তত উপনীত হ’ব মন্দিৰ পৰিচালনা সমিতি।
কোভিডৰ সকলো নীতি-নিয়ম মানি মন্দিৰত এবাৰত ৩০জন ভক্তহে সোমোৱাৰ ব্যৱস্থা কৰিব পৰিচালনা সমিতিয়ে। ভক্তসকলে মন্দিৰলৈ সোমোৱাৰ সময়ত মাস্ক পিন্ধাটো হ’ব বাধ্যতামূলক। অক্টোবৰৰ প্ৰথম ভাগত মন্দিৰৰ দুৱাৰ খোল খালে সীমিত ভক্তৰে পূৰ্বৰ নীতি–নিয়ম অনুসৰি অনুষ্ঠিত হ’ব দুৰ্গাপূজা।
ইতিমধ্যে মন্দিৰ খোলাৰ বাবে মন্দিৰ ছেনিটাজেচনৰ লগতে সকলো ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই। এতিয়া অপেক্ষা কেৱল জিলা প্ৰশাসনৰ সৈতে হ’বলগীয়া আলোচনালৈ। জিলা প্ৰশাসনে সেউজ সংকেত দিলে খোল খাব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|