মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ছাত্ৰ-ছাত্ৰী সাজু হৈ থাকক! কেতিয়া অনুষ্ঠিত হ'ব মেট্ৰিক, HS পৰীক্ষা? স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ছাত্ৰ-ছাত্ৰী সাজু হৈ থাকক! কেতিয়া অনুষ্ঠিত হ'ব মেট্ৰিক, HS পৰীক্ষা? স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

News18 Assam | News18-Assam
Updated:June 5, 2021, 2:31 PM IST
ছাত্ৰ-ছাত্ৰী সাজু হৈ থাকক! কেতিয়া অনুষ্ঠিত হ'ব মেট্ৰিক, HS পৰীক্ষা? স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে
অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা? কোৰোণাৰ ভয়াৱহ সংক্ৰমণে স্তব্ধ কৰি তুলিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থা।

অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা? কোৰোণাৰ ভয়াৱহ সংক্ৰমণে স্তব্ধ কৰি তুলিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থা।

  • Share this:
অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা? কোৰোণাৰ ভয়াৱহ সংক্ৰমণে স্তব্ধ কৰি তুলিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থা। এনে পৰিস্থিতিত এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পৰীক্ষা অনুষ্ঠিত কৰাত আহি পৰিছে অনিশ্চয়তা। ইতিমধ্যে CBSEয়ে বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। পৰীক্ষাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন পদ্ধতিৰ সন্ধানত আছে কেন্দ্ৰীয় শিক্ষা বৰ্ড। এনে জটিলতাৰ মাজতে শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাৰ সন্দৰ্ভত ৰণোজ পেগুৱে কয় যে, 'কোভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই। চৰকাৰে ব্যৱস্থা লৈ আছে। পৰিস্থিতি উন্নত হ'লে পৰীক্ষাৰ কথা ঘোষণা হ'ব। পৰীক্ষাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম।
পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয়। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। মেট্ৰিক, হাইয়াৰ স্কুলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছো।

কেনেকৈ হ'ব, আমি চিন্তা চৰ্চা কৰি আছো।'

ইফালে পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু হৈ থাকিবলৈও ক'লে শিক্ষামন্ত্ৰীয়ে। পৰিস্থিতি ভাল হ'লেই অনুষ্ঠিত হ'ব পৰীক্ষা।  'CBSE- এ পৰীক্ষা বাতিল কৰিছে, আমি বাতিল নকৰো। যিহেতু এই মেট্ৰিক HS ছাত্ৰী ছাত্ৰীৰ ভবিষ্যতৰ বাবে অধিক গুৰুত্বপূৰ্ণ। পজিটিভিটী ৰেট ১ শতাংশলৈ হ্ৰাস পালে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰা হ'ব।'-এনেদৰে কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
Published by: Himangshu Bhuyan
First published: June 5, 2021, 2:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি