• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাৰ আতংক আৰু লকডাউনে ম্লান কৰিলে বিহুৰ আনন্দ, প্ৰায় দুই শতিকা পূৰ্বেও অসমীয়া বঞ্চিত হৈছিল হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ পৰা

কোৰোণাৰ আতংক আৰু লকডাউনে ম্লান কৰিলে বিহুৰ আনন্দ, প্ৰায় দুই শতিকা পূৰ্বেও অসমীয়া বঞ্চিত হৈছিল হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ পৰা

ফাইল ফটো

ফাইল ফটো

ইতিহাসে ৰিঙিয়াই।

  • Share this:
কোৰোণাৰ আতংক আৰু লকডাউনৰ বাবে এইবাৰ বিহু উদযাপন ভালকৈ কৰিব পৰা নাই অসমীয়াই। অসমীয়াই বিভিন্ন ঘাত–প্ৰতিঘাত পাইছে কিন্তু বিহুৰ আনন্দৰ পৰা বঞ্চিত হোৱাৰ নজিৰ খুবেই আটকীয়া। কোৰোণা আৰু লকডাউনৰ কাৰণে অসমীয়াই এইবাৰ চাৰিবেৰৰ মাজতে বিহুৰ নিয়মভাগ কৰিলে, পৰিয়ালৰ সীমিত সদস্যৰ সৈতেই বিহুৰ আনন্দ সীমিত কৰি ৰাখিলে। গৰু গা–ধুওৱাৰ পৰা বিহুৰ পতাকা উত্তোলনলৈকে ক’তোৱে দেখা নগ’ল সচৰাচৰ চিনাকী সেই প্ৰাণোচ্চল পৰিৱেশ। ভয়–শংকা আৰু নীতি–নিয়মৰ মাজত বান্ধ খাই সাত বিহু পাতিবলগীয়া হোৱা অসমীয়াই বাৰে বাৰে মনত পেলালে আগৰ ভাললগা স্মৃতি। বিংশ শতিকাত অসমীয়াই সন্মুখীন হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ আদি পৰিৱেশেও এনে পৰিৱেশৰ সূচনা কৰা নাছিল। পিছে এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ আগতেও অসমীয়াই পাতিব পৰা নাছিল বিহু! এইবাৰ বহুতেই মনত পেলালে সেই ঐতিহাসিক দুঃসময়!

লকডাউনৰ মাজতে ভাল দিনৰ প্ৰাৰ্থনা অসমীয়াৰ।


প্ৰায় দুই শতিকা পূৰ্বে একেধৰণে বিহু উদযাপনৰ পৰা বঞ্চিত হৈছিল অসমীয়া। এই সন্দৰ্ভত বিহু সাধক ড° অনিল শইকীয়াই আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মন্তব্য,  "১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল তাৰ আগৰ বছৰত মানুহ যেতিয়া বিধ্বস্ত হৈছিল, মানুহ যেতিয়া পৰ্বতে-পাহাৰে লুকাই আছিল তেতিয়া বিহু পতা নাছিল বুলি কোৱা শুনা যায়। সেইয়া হয়তু ১৯৪ বছৰৰ আগৰ কথা । তেতিয়া বিহু নপতা আৰু আজি বিহু নপতাৰ মাজত পাৰ্থক্য আছে । আজি আমি গৰু বিহুত গৰুক গা ধুৱাইছো, মানুহ বিহুত সামাজিক ব্যৱধান ৰাখি মা-হালধিৰে গা ধুইছো । কিন্তু এইখিনিও সেই সময়ত কৰিব পৰা হোৱা নাছিল ।"

সেই সময়ৰ বিহু পটভূমি আছিল কৃষিভিত্তিক । কৃষকসকল বিহুৰ ধ্বজ্জা বাহক আৰু ধাৰা বাহক বুলিও উল্লেখ কৰে ড° অনিল শইকীয়াই । "গৰু বিহুত লাউ খা, বেঙেনা খা, কেৰেলা খা ইত্যাদি কওঁ । অসমীয়া মানুহে কিন্তু তেতিয়া বজাৰৰ পৰা কিনি অনা সামগ্ৰীৰে বিহু পতা নাছিল । গামোছাখনো নিজৰ তাঁত শালতেই তৈয়াৰ হৈছিল ।"

পূৰ্বৰ এইধৰণৰ প্ৰাচুৰ্যৰে বিহু পতাৰ আহ্বান বিহু সাধকগৰাকীৰ ।


"অসমীয়া ৰাইজে এইটো উপলব্ধি কৰক কোৰোণা ভাইৰাছে যি বিপদৰ সংকেত আনিছে, তাতকৈ ডাঙৰ বিপদৰ সংকেত আমাৰ কাৰণে খাদ্য সমস্যা হ'ব। অসমলৈ যদি সাতদিন বহিঃৰাজ্যৰ পৰা খাদ্য সামগ্ৰী নাহে, অসমীয়া মানুহে পেটত গামোচা মাৰিব লাগিব । কিন্তু, অসমৰ মানুহে বিহু নপতা সময়তো এনেকুৱা হোৱা নাছিল। অসমীয়া মানুহ স্বাৱলম্বী আছিল, নিৰ্ভৰশীল আছিল। সেই কাৰনে এই কোৰোণা ভাইৰাছৰ সংকটময় দিনত, আহিব ধৰা সম্ভাব্য বিপদৰ সময়ত আমি আৰু এটা সংকল্প লওঁ আহক যে, আমাৰ মাটিবোৰ বাৰ মাহত এদিনো চন পৰি নাথাকে ।"
উল্লেখ্য, সমগ্ৰ দেশতে অব্যাহত আছে ল'কডাউন । অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিতো লকডাউনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । সেয়েহে, পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ বিহু উদযাপন কৰিছে অসমীয়া ৰাইজে।

(ডঃ অনিল শইকীয়াৰ আছুতীয়া সাক্ষাৎকাৰ নিউজ18ৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ)
Published by:Tulika Devi
First published: