ডাঙৰ খ‍বৰ! আজিৰে পৰা এইকেইটা ফোনত বন্ধ WhatsApp, পাতিব নোৱাৰিব কথা

News18 Assam | News18-Assam
Updated:January 1, 2020, 10:00 AM IST
ডাঙৰ খ‍বৰ! আজিৰে পৰা এইকেইটা ফোনত বন্ধ WhatsApp, পাতিব নোৱাৰিব কথা
চাও আহক লিষ্টত কোনকেইটা ফোন আছে, যিসমূহত আজিৰে পৰা হোৱাটছএপ নচলিব। 

চাও আহক লিষ্টত কোনকেইটা ফোন আছে, যিসমূহত আজিৰে পৰা হোৱাটছএপ নচলিব। 

  • Share this:
হোৱাটছএপৰ একাংশ ব্যৱহাৰকাৰীয়ে আজিৰে পৰা এই এপৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ১জানুৱাৰীৰ পৰা ইউজাৰ্চৰ এই পচন্দৰ এপ কেইটামান ফোনত কাম নকৰা হৈছে।  হোৱাটছএপে নিজৰ FAQ পেজত এইবিষয়ে জনাইছে। ৩১ডিচেম্বৰ, ২০১৯ৰ পিছত নিৰ্বাচিত অপাৰেটিং চিষ্টেমত কাম নকৰে হোৱাটছএপে। হোৱাটছএপে লিখিছে যে উইণ্ডজ ফোন (windows operating system phone)ৰ গৰাকী সকলে নতুন বছৰৰ পৰা হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰিব। 

উল্লেখযোগ্য যে হোৱাটছএপে যোৱা বছৰ ১জুলাইৰ পৰা Windows Phoneৰ কাৰণে আপডেট দিয়া বন্ধ কৰিছিল। হোৱাটছএপে কয় যে ৩১ডিচেম্বৰ, ২০১৯ৰ পিছত সকলো উইণ্ডজ ফোনৰ পৰা চাপৰ্ট বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে এই মাহৰ পৰা মাইক্ৰ’চফটেও নিজৰ উইণ্ডজ ১০ম’বাইল OSৰ পৰা চাপৰ্ট শেষ কৰিছে।

এই খবৰ WABetaInfo–এও টুইট কৰি জনাইছে।


আৰু চাওক
পৰৱৰ্তী বাতৰি