உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰকৃতিৰ সতে সহাৱস্থানেই মানৱ জাতিৰ উত্তম উপায়। বঙাইগাঁৱত সমুহীয়া গছ পুলি ৰোপণ ৷

    প্ৰকৃতিৰ সতে সহাৱস্থানেই মানৱ জাতিৰ উত্তম উপায়। বঙাইগাঁৱত সমুহীয়া গছ পুলি ৰোপণ ৷

    পুৰণি বঙাইগাঁও চ’কৰ পৰা ৰাজ্যিক পথছোৱাৰ দাতিত শাৰী শাৰীকৈ সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি বিভিন্ন গছৰ পুলি ৰোপণ কৰে ৷

    • Share this:
    বঙাইগাঁৱত সৌন্দৰ্য্যবৰ্ধন আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সমুহীয়া গছপুলি ৰোপণ ৷ উত্তৰ শালমাৰাৰ পৰা বঙাইগাঁও সংযোগী পথৰ দাতিত উদীয়মান যুৱক- যুৱতী আৰু স্থানীয় ৰাইজে মিলি ৰোপণ কৰে কেইবা শ গছ পুলি ৷

    ব্যতিক্ৰম নামৰ হোৱাটছএপ গ্ৰুপ এটাৰ আহ্বান মৰ্মে পুৰণি বঙাইগাঁও চ’কৰ পৰা ৰাজ্যিক পথছোৱাৰ দাতিত শাৰী শাৰীকৈ সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি বিভিন্ন গছৰ পুলি ৰোপণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্যসূচীত সাংবাদিক, শিল্পী, সাহিত্যিক, ৰাজনৈতিক নেতাকে আদি কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশ গ্ৰহণ কৰে ৷ কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰতিজনে আগন্তক পাঁচ বছৰ গছ পুলিসমুহৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে ৷

    ৰাজ্যিক ঘাইপথ সম্প্ৰসাৰণৰ ফলত পথছোৱাৰ দাতিত থকা গছ-গছনিসমুহ কাটি পেলোৱাৰ পিছত যুৱচামে গছ পুলি ৰোপণৰ বাবে লোৱা সিদ্ধান্তৰ সচেতন মহলে শলাগ লৈছে ৷
    Published by:Manjumoni Borah
    First published: