உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিৰোধী কংগ্ৰেছ-AIUDFৰ মিত্ৰতাত ধৰাশায়ী হ'ব নেকি বিজেপি!

    বিৰোধী কংগ্ৰেছ-AIUDFৰ মিত্ৰতাত ধৰাশায়ী হ'ব নেকি বিজেপি!

    কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু৷ এই কথা ইতিমধ্যে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে সদৰি কৰিছে৷

    কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু৷ এই কথা ইতিমধ্যে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে সদৰি কৰিছে৷

    কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু৷ এই কথা ইতিমধ্যে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে সদৰি কৰিছে৷

    • Share this:
    এফালে কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ অংক আৰু আনফালে শাসকীয় BJPৰ মিছন ১০০৷ পিছে ২০২১ৰ নিৰ্বাচনত কোন জয়ী হ'ব?

    মিছন দিছপুৰ! মাজত মাত্ৰ আঠটা মাহ৷ আঠমাহৰ পিছত দিছপুৰ কাৰ দখললৈ যাব? দিছপুৰ থাকিবনে BJPৰ দখলত? এনে অংক এতিয়া সকলো ৰাজনৈতিক দলৰ মাজতেই চলিছে৷ বিৰোধী কংগ্ৰেছে এতিয়া বদৰুদ্দিন আজমলৰ AIUDFৰ সৈতে মিত্ৰতাৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে৷ এইক্ষেত্ৰত আসন বুজাবুজিৰ বাবে সাজু হৈছে কংগ্ৰেছ৷

    কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু৷ এই কথা ইতিমধ্যে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে সদৰি কৰিছে৷ News18ক দাস বড়োয়ে কয় - “কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চূড়ান্ত ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছে৷ দিছপুৰ দখলৰ ক্ষেত্ৰত আমাৰ দলে এই ত্যাগ কৰিবলৈ সাজু৷”

    কিন্তু আসন বুজাবুজিৰ অংকৰে দিছপুৰ দখল সম্ভৱ হ'বনে কংগ্ৰেছৰ আৰু AIUDFৰ? BJP নেতৃত্বাধীন মিত্ৰজোটে কৰিব কি? এই সন্দৰ্ভত কি কয় শাসকীয় বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনে কয়- “কংগ্ৰেছ-AIUDF–এ যি কৰে কৰক৷ বাংলাদেশী ৰক্ষক দলৰ সৈতে মিত্ৰতা কৰিলে কৰক৷ ভালেই হ'ব৷ আমাৰ টাৰ্গেট আছিল এশ৷ কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'লে আমি এশৰ ওপৰত আসন পাম৷”

    ইপিনে শাসকীয় BJPয়ে কাক কাক দিব প্ৰাৰ্থীত্ব? দলীয় বিষয়ববীয়াই পাবনে টিকট? কেনেদৰে আগবাঢ়িছে বিৰোধীক ৰোধ কৰিবলৈ শাসকীয় BJPৰ ৰণকৌশল? দলৰ মুখপাত্ৰ ডাঃ নোমল মমিনে ক'লে- “BJPত কোনে টিকট পাই, কোনেও নাজানে ৷ দলে বিবেচনা কৰি সিদ্ধান্ত ল'ব ৷ দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাটো দলৰ সকলো কৰ্মীৰ প্ৰাথমিক দায়িত্ব আৰু মূল কৰ্তব্য ৷”

    অৱশ্যে মাজত এতিয়াও আঠমাহ বাকী বিধান সভাৰ নিৰ্বাচনলৈ ৷ তাৰ মাজতে কোৰোণা মহামাৰীৰ মহাসংক্ৰমণ চলিয়েই আছে ৷ সমান্তৰালকৈ বানৰ মহা-তাণ্ডব ৷ এনে সময়ত কোন কিমান ৰাইজৰ কাষ চাপিব পাৰিব, সেয়া সময়ত নিৰূপণ হ'ব ৷
    Published by:Sanjay Kumar Das
    First published: