২০২১ত নৱগঠিত চৰকাৰে শপত লোৱাৰ পিছত কাৰ ঠিকনা কি হ'ব তাকে লৈ চলিছে ব্যাপক চৰ্চা ৷ বিশেষকৈ কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নতুন ঠিকনা কি হ'ব তাক লৈ বৃদ্ধি পাইছে উৎসুকতা ৷
লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ চৰকাৰী আৱাসত পুৰণি ফলকৰ ঠাইত শীঘ্ৰেই ওলমিব শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম-ফলক ৷ দীৰ্ঘ দিন ধৰি লখিমপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা অগপৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ ঠাইত এইবাৰ সমষ্টিটোৰ পৰা জয়ী হৈ আহিছে বিজেপিৰ যুৱ নেতা মানৱ ডেকা ৷ মানৱ ডেকাক আৱণ্টন কৰা হৈছে A ব্লকৰ আৱাস ৷ উৎপল দত্তই এই পৰ্যন্ত চমজাই নিদিয়া ঘৰটোৱেই হ'ব এতিয়াৰে পৰা অখিল গগৈৰ ঠিকনা ৷ আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আৱাসটো দিয়া হৈছে বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীক ৷ আমাৰ হাতত থকা খবৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এৰিব বিচৰা নাই চৰকাৰী আৱাসটো ৷ চৰকাৰী আৱাসটো নিজৰ নামতে ৰাখিব বিচাৰি অধ্যক্ষলৈ পত্ৰও দিছে মহন্তই ৷ যাৰ বাবে জিতু গোস্বামীৰ ঠিকাদাৰে কৰিব পৰা নাই মেৰামতিৰ কাম ৷ অৱশ্যে খবৰ আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক আৱণ্টিত কৰা হৈছে প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰী কলনীৰ আৱাসটো ৷ তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাৱন গোস্বামীৰ নামত থকা আৱাসটোৰ গৰাকী হ'ব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ৷ ডা৹ নোমল মমিন উপাধ্যক্ষ হোৱাৰ বাবে ডা৹ মমিনৰো সলনি হ'ব ঠিকনা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : May 29, 2021, 16:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।