দেউতাৰ মৃত্যুৰ উৰা বাতৰি বিয়পাই কি সুখ পালে? ফেচবুকত নিপন গোস্বামীৰ পুত্ৰৰ ক্ষোভ

ফেচবুকৰ কেইবাটাও পেজত প্ৰকাশ পাইছিল অসমীয়া চিনেমাজগতৰ ভোটাতৰাজন নোহোৱা হোৱাৰ উৰাবাতৰি।

News18-Assam
Updated:June 28, 2019, 10:37 PM IST
দেউতাৰ মৃত্যুৰ উৰা বাতৰি বিয়পাই কি সুখ পালে? ফেচবুকত নিপন গোস্বামীৰ পুত্ৰৰ ক্ষোভ
ফটোঃফেচবুক
News18-Assam
Updated: June 28, 2019, 10:37 PM IST
সম্পূৰ্ণ কুশলে আছে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী। অভিনেতাগৰাকীৰ মৃত্যু সন্দৰ্ভত আকৌ এবাৰ ছ’চিয়েল মিডিয়াত একাংশই বিয়পাইছে উৰা বাতৰি। বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ উৰবাতৰিক লৈ ক্ষুব্ধ সচেতন ৰাইজ। বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ উৰা বাতৰিক লৈ ফেচবুকত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিলে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে।

 

সংবাদমাধ্যমৰ তৰফৰ পৰা নিপন গোস্বামীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকৰ সৈতে যোগাযোগ কৰাত অভিনেতাগৰাকী সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও নিপন গোস্বামীৰ সন্দৰ্ভত আন এক উৰা বাতৰি প্ৰচাৰ হৈছিল। বৰ্তমান অভিনেতাগৰাকী আছে নিজ বাসগৃহত।

 

এই উৰা বাতৰি সন্দৰ্ভত লোকে জিএনআৰচিৰ জনসম্পৰ্কৰক্ষী বিষয়া মৃণাল আলী হাজৰিকাই স্পষ্ট কৰি দিছে যে-নিপন গোস্বামী ডাঙৰীয়া সম্পূৰ্ণ সুস্থ অৱস্থাত নিজৰ বাসগৃহত আছে, অনুগ্ৰহ কৰি উৰা বাতৰি প্ৰচাৰ নকৰিব।

ছচিয়েল মিডিয়া আজিৰ তাৰিখত আটাইতকৈ বিপজ্জনক মাধ্যম!

 
আৰু চাওক পৰৱৰ্তী বাতৰি