ল’ক ডাউনৰ সময়ত ‘Essential Service Pass’ৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন? কিদৰে কৰিব লাগিব আবেদন?

News18 Assam | News18-Assam
Updated:March 26, 2020, 2:12 PM IST
ল’ক ডাউনৰ সময়ত ‘Essential Service Pass’ৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন? কিদৰে কৰিব লাগিব আবেদন?
ল’ক ডাউনৰ সময়ত কোন সকলে লাভ কৰিব Essential Service Pass?

ল’ক ডাউনৰ সময়ত কোন সকলে লাভ কৰিব Essential Service Pass?

  • Share this:
ল’ক ডাউনৰ সময়ত কোন সকলে লাভ কৰিব Essential Service Pass?আই কাৰ্ডৰ ব্যৱস্থা কৰাৰ বাবে এতিয়া অসম আৰক্ষীয়ে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্থানীয় অঞ্চলৰ আৰক্ষী চকী বা আৰক্ষী আউট পষ্টত ‘Essential Service Pass’ৰ বাবে আবেদন কৰিব পাৰিব। এই পাছ সীমিত সংখ্যক লোকৰ বাবেহে উপলব্ধ হ’ব। পাছৰ বাবে স্থানীয় আৰক্ষী চকীৰ নোডেল অফিছাৰ আৰু স্থানীয় আৰক্ষী আউট পষ্টৰ সৈতে যোগাযোগ কৰক–



এই সমূহ কৰ্মত জড়িত লোকে পাছৰ বাবে আবেদন কৰিব পাৰিব–

১.আৰক্ষী, হ’ম গাৰ্ড, চিভিল ডিফেন্স, অগ্নি আৰু জৰুৰীকালীন সেৱা, সামৰিক বাহিনীত কৰ্মৰত।
২. জিলা প্ৰশাসন, কোষাগাৰ, নেচনেল ইনফ’ৰমেটিকচ চেণ্টাৰ, দুৰ্যোগ প্ৰশমন বিভাগত কৰ্মৰত।
৩.চিকিৎসালয়, ফাৰ্মাচী, লেৱৰেটৰী, এম্বুলেন্স সেৱাৰ লগত জ়ড়িত।
৪.বন বিভাগৰ কৰ্মচাৰী যিসকলে চিৰিয়াখানা, নাৰ্চাৰী, ৱাইল্ডলাইফত কৰ্মৰত।

৫.সমাজ কল্যান বিভাগৰ অন্তৰ্গত ‘শিশু সুৰক্ষা, বিশেষ ভাবে সক্ষম, জ্যেষ্ঠ নাগৰিক, মহিলা, বিধবা’ কৰ্মৰত।
৬.বিদ্যুৎ বিভাগ।
৭.টেলিকম, ইণ্টাৰনেট, কে’বল চাৰ্ভিছ, ডাকঘৰ।
৮. বেংক, এটিএম।
৯.প্ৰাইভেট চিকিউৰিটী গাৰ্ড।
১০. অত্যাৱশ্যকীয় খাদ্য, গেলামালৰ দোকান, ফল–মূল, গাখীৰ, মাছ–মাংস ব্যৱসায়ীয়ে।
১১. শস্যৰ বীজ আৰু প্ৰেষ্টিচাইড।
১২. পে’ট্ৰল পাম্প, এল পি জি।
১২. প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া।

আপুনি এই পাছ পাবলৈ কি কি কৰিব লাগিব

আপুনি কাৰ্য্যলয়ৰ পৰা কৰ্তৃত্বপ্ৰদানৰ পত্ৰ আৰু পৰিচয় পত্ৰ জমা দিব লাগিব আৰক্ষীৰ ওচৰত।
আৰু চাওক
পৰৱৰ্তী বাতৰি