মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage in Assam : কোনোবা যদি ব্যথিত, কোনোবাই তুলিলে প্ৰশ্ন, ৰাজনৈতিক মহলত বাল্য বিবাহক লৈ কি প্ৰতিক্ৰিয়া?

Child Marriage in Assam : কোনোবা যদি ব্যথিত, কোনোবাই তুলিলে প্ৰশ্ন, ৰাজনৈতিক মহলত বাল্য বিবাহক লৈ কি প্ৰতিক্ৰিয়া?

জাকিৰ হুছেইন শিকদাৰৰ চৰকাৰলৈ অনুৰোধ, চৰকাৰে বিষয়টো বিবেচনা কৰক ৷

জাকিৰ হুছেইন শিকদাৰৰ চৰকাৰলৈ অনুৰোধ, চৰকাৰে বিষয়টো বিবেচনা কৰক ৷

  • Share this:

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ পদক্ষেপক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷ কোনোবা যদি দুখত ম্ৰিয়মাণ হৈছে আন কোনোবাই বাঃ বাঃ দিছে চৰকাৰক৷ বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ হাতত লৈ ইতিমধ্যে জিলাই জিলাই চলিছে অবৈধ স্বামী আটকৰ অভিযান (Child Marriage in Assam)৷ এই অভিযানৰ সময়তে ক'ৰবাত কোনোবাই নিজৰ স্বামীৰ মুক্তিৰ বাবে, কোনোবা মাতৃয়ে সন্তানৰ মুক্তিৰ বাবে হিয়া ঢাকুৰি কান্দিছে ৷ এই কান্দোনৰ পৰিৱেশ দেখি ব্যথিত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ (Jakir Hussain Sikdar)৷ মানৱীয়তাৰ কথাৰ অৱতাৰণাৰে জাকিৰ হুছেইন শিকদাৰৰ চৰকাৰলৈ অনুৰোধ, চৰকাৰে বিষয়টো বিবেচনা কৰক ৷


"কথাবোৰে মোক দুখ দিছে৷ কোনোবা মাতৃ, কোনোবা পিতৃ, কাৰোবাৰ সন্তান,পত্নীৰ কান্দোনে ব্যথিত কৰিছে মোক৷ হাজাৰ হাজাৰ লোকক পুলিচে লৈ যোৱাৰ পৰিৱেশ দুখ লগা হৈছে ৷ দোষ হৈছে সেইসকলৰ, বেআইনী কাম কৰিছে, কিন্তু এতিয়া মানৱীয়তাৰ দিশ আহি পৰিছে৷ মানৱীয়তাৰ দিশেৰে চাওক চৰকাৰে কথাবোৰ৷ বাল্য বিবাহত সহায় কৰা কাজী,পূজাৰী আৰু আন মানুহক শাস্তি দিয়ক৷ কোনোবাই জামিন পাব পাৰে, সেয়া আইনৰ কথা ৷ কিন্তু বাল্য বিবাহ ৰোধো হ'ব লাগিব, সমাজে ইয়াত আগভাগ ল'ব লাগিব ৷" —এনেকৈ নিজৰ মত প্ৰকাশ কৰিলে কংগ্ৰেছৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷


একেটা প্ৰসংগতে তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰা (Ripun Bora)ৰ প্ৰশ্ন চৰকাৰক, ইমানদিনে কি কৰিলে চৰকাৰে? কিয় আত্মহত্যা কৰিবলগীয়া হ'ল মহিলাই? হাই ক'ৰ্ট, ছুপ্ৰিম ক'ৰ্টৰ কাষ চাপিব তৃণমূল কংগ্ৰেছ৷ ৰিপুণ বৰাই ক'লে এনেকৈ— "আমিও বাল্য বিবাহৰ বিৰোধিতা কৰোঁ ৷ এখন আইন প্ৰণয়ন কৰোঁতে সকলো দিশ চাব লাগিব ৷ যি সকলে আইন ভংগ কৰিছে তেওঁলোকক শাস্তি দিয়ক ৷ কিন্তু যেতিয়া তেওঁলোকে বিবাহ কৰিছিল তেতিয়া আইনখন ক'ত আছিল? যিবোৰ সংসাৰ হৈছে সংসাৰত তেওঁ জুই লগাইছে ৷ চমক সৃষ্টি কৰিবৰ বাবে জধেমধে গ্ৰেপ্তাৰ কৰিছে ৷ শান্তিৰে বসবাস কৰা পৰিয়ালবিলাকত তেওঁ জুই লগাই দিছে ৷ ক'ৰবাত বিধৱা মহিলাই আত্মহত্যা কৰিব লগা হৈছে ৷ ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে ভুগিব। আইনে নিজৰ গতি ল'ব লাগে ৷ আইনখন পক্ষপাতমূলক হ'ব নালাগে ৷ আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছোঁ ৷"


ইফালে মন্ত্ৰী অতুল বৰা (Minister Atul Bora)ই  মুখ্যমন্ত্ৰীৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰিলে। বাল্য বিবাহবিৰোধী অভিযানক লৈ নাছোৰবান্দা মুখ্যমন্ত্ৰীও ৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা মানৱতাৰ কথাৰে আপোচ নহ'ব ৷ যি অভিযান চলিছে সেয়া চলিয়েই থাকিব ৷ বিষয়টোক লৈ প্ৰয়োজন আলোচনাৰ, প্ৰয়োজন সমাজৰ প্ৰত্যেক স্তৰলৈ গৈ সচেতনতা বৃদ্ধিৰ ৷ ৰাজনৈতিক মহলত সৃষ্টি হোৱা বিতৰ্কও হয়তো প্ৰয়োজন বিষয়টোৰ গভীৰতালৈ গৈ সমস্যাৰ আশু সমাধানত ৷

শেহতীয়া বাতৰি