CAA বিৰোধী শক্তিক কটাক্ষ বিজেপিৰ–‘হাতত সংবিধান কিন্তু অন্তৰত ৱাৰিছ পাঠান’

মঞ্চত দিয়া ‘পাকিস্তান জিন্দাবাদ ধ্বনি’ আৰু ৱাৰিছ পাঠানৰ আপত্তিজনক মন্তব্য সমালোচনা বিজেপিৰ
মঞ্চত দিয়া ‘পাকিস্তান জিন্দাবাদ ধ্বনি’ আৰু ৱাৰিছ পাঠানৰ আপত্তিজনক মন্তব্য সমালোচনা বিজেপিৰ
- News18 Assam
- Last Updated: February 21, 2020, 1:50 PM IST
বিজেপিৰ মুখপাত্ৰজনে লগতে কয় যে, ‘পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া গৰাকীৰ পৰা মাইক কাঢ়ি লোৱা হ’ল কিন্তু ৱাৰিছ পাঠানে দিয়া আপত্তিজনক ভাষণ কিয় বন্ধ কৰিবলৈ কোৱা নহ’ল? সেইসময়ত মঞ্চতAIMIMৰ মুৰব্বী আছাদুদ্দিন অৱেইছীও আছিল। কেতিয়াবা মঞ্চৰ পিছফালে শিকোৱা কথা বোৰ, আগফালে ওলাই যোৱাতো স্বাভাৱিক।’
পাত্ৰই লগতে কয় যে, ‘নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত সমগ্ৰ দেশতে যিদৰে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰা হৈছে, সেয়া এতিয়া আমি প্ৰতিদিনে দেখিবলৈ পাইছো। দেশত চলি থকা প্ৰতিবাদত যিসকল তথাকথিত নেতাই নেতৃত্ব লৈছে, সেইসকল AIMIMৰ মুৰব্বী আছাদুদ্দিন অৱেইছীৰ শিৱিৰৰ।’
নাগৰিকত্ব সংশোধনী আইন বিৰোধী এখন সভাত ভাষণ প্ৰসংগত AIMIM নেতা ৱাৰিছ পাঠানে কৈছিল যে, দেশৰ ১৫ কোটি মুছলমানে, ১০০ কোটি লোকক প্ৰত্যাহ্বান জনাব পাৰে।’
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এখন সংবাদমেলত সম্বিত পাত্ৰই কয় যে, ‘আমাক কওক, আপোনাক কেনেধৰণৰ স্বাধীনতা লাগে? কিয় ১৫ কোটি বনাম ১০০ কোটিৰ কথা কোৱা হৈছে?’
ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্য বিৰোধীক কটাক্ষ কৰি কয় যে, ‘তেওঁলোকে CAAৰ নামত জনসাধাৰণৰ মাজত অপপ্ৰচাৰ চলাইছে। তেওঁলোকৰ হাতত সংবিধান আছে, কিন্তু অন্তৰত আছে ৱাৰিছ পাঠান।’