শৰৎ কালতো গ্ৰীষ্মৰ অনুভৱ। উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক। ৩৫ ডিগ্ৰী চেলছিয়াছতে অনুভৱ হৈছে প্ৰায় ৪০ ডিগ্ৰীৰ সমান গৰম। ইতিমধ্যে ১০ টা বৰ্ষৰ ভিতৰত অক্টোবৰ মাহৰ সৰ্বাধিক গৰমে গঢ়িছে অভিলেখ।
বিগত ১০টা বছৰৰ সকলো অভিলেখ ভংগ কৰি ২০২১ৰ অক্টোবৰ মাহত গৰমে চুলে ৩৭.৭ ডিগ্ৰী চেলছিয়াছ । ইয়াৰ আগতে এই গৰমৰ মাত্ৰা সৰ্বাধিক ৰূপে পৰিগণিত হৈছিল ২০১৬ আৰু ১৭ বৰ্ষত ৩৬.২ ডিগ্ৰী । কিন্তু এইবাৰ এই সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভই চুলে ৩৭.৭ ।
অসম তথা উত্তৰ–পূৰ্বাঞ্চলত মেঘৰ স্থিতি কমি থকাৰ বাবেই এই গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি মন্তব্য বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞানৰ। শাৰদীয় দুৰ্গোৎসৱৰ পিছতো প্ৰথমবাৰৰ বাবে প্ৰখৰ ৰ'দ আৰু উত্তাপে দহিলে ৰাজ্যৰ লগতে মহানগৰবাসীক।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ ৰিপোৰ্ট অনুসৰি শনিবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৬.৫ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় ৩৫.৮ ডিগ্ৰী, তেজপুৰ ৩৪.৭ ডিগ্ৰী, শিলচৰ ৩৫.৪ ডিগ্ৰী, ধুবুৰী ৩২.৯ ডিগ্ৰী আৰু উত্তৰ লক্ষীমপুৰ ৩৬.৪ ডিগ্ৰী চেলচিয়াছ।
আজিৰ দিনটোৰ সৰ্বোচ্চ তাপ মানে ৰেকৰ্ড কৰে গুৱাহাটীত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে জনোৱা মতে, বে অফ বেংগল সাগৰ পৃষ্ঠত ৫.৮ কিলোমিটাৰ গতি বেগত উৎপত্তি হোৱা সাগৰীয় বতাহৰ ফলত বৰষুণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত।
আজিৰে পৰা অহা পাঁচ দিনত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তদুপৰি অহা ১৯ অক্টোবৰ আৰু ২০ অক্টোবৰৰ দিনা এই সাগৰীয় বতাহৰ ফলত অসম–মেঘালয়ৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ আগজাননী সদৰী কৰে বতৰ বিজ্ঞানীয়ে। ইয়াৰ ফলত কিছু তাপমান হ্ৰাস পাব ৰাজ্যবাসীৰ লগতে মহানগৰবাসীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|