মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাৰোডত উপস্থিত হৈ কি ক'লে মন্ত্ৰী ৰঞ্জীত দাসে!

বৰপেটাৰোডত উপস্থিত হৈ কি ক'লে মন্ত্ৰী ৰঞ্জীত দাসে!

আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ বিৰোধীৰ দখলত থকা সেই তিনিটা সমষ্টি বৰপেটা, কলিয়াবৰ আৰু নগাওঁ বিজেপিয়ে দখল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে বৰপেটাৰোডত এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে।

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি জে পি নাড্ডাৰ নেতৃত্বত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সহযোগত সমগ্ৰ অসমতে বিজেপিৰ বুথ সমিতিসমূহৰ সৱলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ তাৰ সমান্তৰালকৈ মণ্ডল আৰু জিলা সমিতিসমূহৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি দলৰ শক্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও কয় মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে।

  • Share this:
আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ পৰা অতিৰিক্ত তিনিটা লোকসভা সমষ্টিৰ আসন ৰাষ্ট্ৰীয় নেতৃত্বই বিচাৰিছে। বিৰোধীৰ দখলত থকা সেই তিনিটা সমষ্টি হ'ল বৰপেটা, কলিয়াবৰ আৰু নগাওঁ, বিজেপিয়ে দখল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে বৰপেটাৰোডত এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে। বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি জে পি নাড্ডাৰ নেতৃত্বত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সহযোগত সমগ্ৰ অসমতে বিজেপিৰ বুথ সমিতিসমূহৰ সৱলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ তাৰ সমান্তৰালকৈ মণ্ডল আৰু জিলা সমিতিসমূহৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি দলৰ শক্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও কয় মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে।


নতুনকৈ বৰপেটাৰোড চহৰ এলেকাত আঠোটাকৈ বিলাতী সুৰাৰ দোকানৰ আপত্তিবিহীনৰ প্ৰমাণপত্ৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই দিয়া সন্ধৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটাৰোড পৌৰসভাই চহৰখনত নতুনকৈ বিলাতী সুৰাৰ দোকানৰ আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰস্তাৱ লৈ বন্ধ কৰি ৰখা বুলি উল্লেখ কৰি বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ দিব নোৱাৰে, তাৰবাবে বাৰণ কৰিব বুলিও কয়। অথচ ইতিমধ্যে পৌৰসভাৰ কাৰ্যবাহী বিষয়া পাৰ্থপ্ৰতিম খনিকৰে আঠখনকৈ বিলাতী সুৰা বিপণীৰ আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া সম্পৰ্কত তেওঁ কোনো মন্তব্যই নকৰিলে। শেহতীয়াকৈ থলুৱা খাদ্য সামগ্ৰীৰ ওপৰত বিজেপি চৰকাৰে আৰোপ কৰা জিএছটি সম্পৰ্কত সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে কয় যে সেই সম্পৰ্কে ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ লগত আলোচনা কৰি আছে। আগন্তুক দিনত সু-মীমাংসা এটা হ'ব বুলিও কয় মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে।

শেহতীয়া বাতৰি