ৰাইজৰ ভৰিৰ তলত শ্ৰীমন্ত শংকৰদেৱ...আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ ভাষণক লৈ বিতৰ্ক কিয়? শুনক কি কৈছিল লুৰিণজ্যোতিয়ে?

News18 Assam | News18-Assam
Updated:February 3, 2020, 9:42 AM IST
ৰাইজৰ ভৰিৰ তলত শ্ৰীমন্ত শংকৰদেৱ...আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ ভাষণক লৈ বিতৰ্ক কিয়? শুনক কি কৈছিল লুৰিণজ্যোতিয়ে?
বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ ৰণশিঙা কাৰ্যসূচীত কৰা মন্তব্যৰ কাৰণে সৃষ্টি হৈছে ইমান প্ৰতিক্ৰিয়াৰ।

বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ ৰণশিঙা কাৰ্যসূচীত কৰা মন্তব্যৰ কাৰণে সৃষ্টি হৈছে ইমান প্ৰতিক্ৰিয়াৰ।

  • Share this:
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱক লৈ অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। ছচিয়েল মিডিয়াত লুৰিণজ্যোতিৰ এটা মন্তব্য ভাইৰেল হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৰা এই মন্তব্যৰ পিছতেই ধিক্কাৰ আৰু গঞ্জনাৰ সন্মুখীন হৈছে লুৰিণজ্যোতি গগৈ। বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ ৰণশিঙা কাৰ্যসূচীত কৰা মন্তব্যৰ কাৰণে সৃষ্টি হৈছে ইমান প্ৰতিক্ৰিয়াৰ।

প্ৰকৃততে কি কৈছিল লুৰিণজ্যোতি গগৈয়ে?

‘কা’ বিৰোধী সমাৱেশত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কৈছিল যে, ৰাইজৰ উৰ্ধত কোনো নহয়, ৰাইজৰ ভৰিৰ তলত সদৌ অসম ছাত্ৰ সন্থা, সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ...শ্ৰীমন্ত শংকৰদেৱ সংঘ। আছু নেতাজনে প্ৰথমবাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ক’বলৈ লওঁতে ‘সংঘ’ শব্দটো থাকি যোৱাত দ্বিতীয়বাৰত শুধৰাই দিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কওঁতে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ কথা কোৱা বুলি বহুতেই সমালোচনা কৰিছে লুৰিণজ্যোতিক।



একাংশ লোকে লুৰিণজ্যোতি গগৈয়ে ‘আছুৰ ভৰিৰ তলত শ্ৰীমন্ত শংকৰদেৱ’ বুলি ভুলকৈ  ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাৰ পিছতে লুৰিণজ্যোতিৰ ভাষণক লৈ বিতৰ্কৰ সৃষ্টি হয়। আছু নেতাজনে প্ৰকৃততে কি কৈছিল, ৰাইজে নিজেই এবাৰ শুনি লওক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি