কি নথিৰ ভিত্তিত ১৯৫১ চনৰ পূৰ্বৰ লোক সকলক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিব চৰকাৰে? 

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:39 PM IST
কি নথিৰ ভিত্তিত ১৯৫১ চনৰ পূৰ্বৰ লোক সকলক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিব চৰকাৰে? 
শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি অসমৰ বৰ্তমানৰ ৬ জিলাৰ NRC নাই কাৰো হাতত।

শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি অসমৰ বৰ্তমানৰ ৬ জিলাৰ NRC নাই কাৰো হাতত।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:39 PM IST
  • Share this:
শেহতীয়াকৈ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিয়ে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰাৰ বিষয়টো সৰ্বত্ৰ চৰ্চিত হৈছে । কমিটি খনে ১৯৫১ চনৰ পূৰ্বৰ লোক সকলক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত । তাৰ কাৰণে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনক ভিত্তি নথি হিচাপে গণ্য কৰাৰো পৰামৰ্শ দিয়া হৈছে বুলি চৰ্চিত হৈছে ।

কিন্তু ২০১৫ চনতে অসম বিধান সভাত মুকলি কৰা তথ্য অনুসৰি অসমৰ ৬ খন জিলাৰ NRC আজিৰ তাৰিখত উপলদ্ধ নহয় । ওদালগুৰি, ডিব্ৰুগড়, শিৱসাগৰ, কাৰ্বি আংলং, কাছাৰ আৰু ডিমা হাচাও জিলাৰ NRC নাই চৰকাৰৰ হাতত ।

আনহাতে দৰং, লখিমপুৰ, গোলাঘাট, কামৰূপ, তিনিচুকীয়া, বঙাইগাঁও, নলবাৰী, বৰপেটা, মৰিগাঁওৰ ১৯৫১ চনৰ NRCও সম্পূৰ্ণকৈ নাই চৰকাৰৰ হাতত।

১৯৫১ চনৰ সম্পূৰ্ণ NRC উপলব্ধ হৈ থকা জিলা কেইখন হৈছে ধেমাজি, যোৰহাট, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, নগাঁও আৰু শোণিতপুৰ । ধেমাজি জিলাৰ ১৯৬৬ চনৰ ভোটাৰ তালিকাও উপলব্ধ নহয় । তদুপৰি মাথোঁ ১৪ খন জিলাৰহে ১৯৭১ চনৰ ভোটাৰ তালিকা চৰকাৰৰ হাতত আছে ।
অসম বিধান সভাৰ এই তথ্য সমূহ সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ৰ এখন লেখ আবেদনত সংলগ্ন কৰিছিল ।
আনহাতে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৬ খন জিলাৰ পৰা NRC অন্তৰ্ধান হোৱা কাৰ্যক ষড়যন্ত্ৰমূলক আখ্যা দিয়ে । জিলা সমূহত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিৰীক্ষণত থকাৰ পাছত কেনেকৈ নোহাৱা হ’ব পাৰে? এই প্ৰশ্ন কৰে ৰহমানে ।
১৯৫১ চনতে স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়লৰ পাছত তদানীন্তন ভাৰতৰ মহাপঞ্জীয়কে ৰাজ্য সমূহক পৃথকে চপা কৰি নিজ  নিজ ৰাজ্যৰ নাগৰিকৰ তথ্য সুকীয়াকৈ সংৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেয়াই আছিল অসমৰ বেলিকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যি কাম কেৱল অসমতেই কৰা হৈছিল: মতিউৰ ৰহমান ।

যদিওবা অসমৰ কিছু জিলাৰ NRC অন্তৰ্ধান হৈছে; ভাৰতীয় মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা ১৯৫১ চনৰ লোকপিয়লৰ তথ্য সংগ্ৰহ কৰি উদ্দেশ্য সিদ্ধি কৰিব পৰা যায় বুলিও মন্তব্য কৰে ৰহমানে ।
আনহাতে ভাৰতীয় নিৰ্বাচন আয়োগৰ হাতত উপলব্ধ ১৯৫২ চনৰ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাখনকো ভিত্তি নথি কৰিব পৰা যায় বুলি মন্তব্য কৰে ৰহমানে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading