ৰন্ধন গেছ লিক হোৱাৰ কাৰণেই শোকাৱহ অগ্নিকাণ্ড! বাৰ্নাৰত আছিল ভাতৰ কুকাৰ...

News18 Assam | News18-Assam
Updated:January 24, 2020, 3:55 PM IST
ৰন্ধন গেছ লিক হোৱাৰ কাৰণেই শোকাৱহ অগ্নিকাণ্ড! বাৰ্নাৰত আছিল ভাতৰ কুকাৰ...
ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে দুৰ্যোগ প্ৰশমন বিভাগে। ADGP ৱাই কে গৌতমৰ নেতৃত্বত চলে তদন্ত।

ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে দুৰ্যোগ প্ৰশমন বিভাগে। ADGP ৱাই কে গৌতমৰ নেতৃত্বত চলে তদন্ত।

  • Share this:
শ্বৰ্ট চাৰ্কিটৰ কাৰণে নহয় ৰন্ধন গেছ লিক হোৱাৰ কাৰণেহে সংঘটিত হৈছিল গুৱাহাটীৰ ৱায়াৰলেছৰ শোকাৱহ অগ্নিকাণ্ড। কণমানি ঈশান–ইবনক চিৰকাললৈ কাঢ়ি নিয়া মৰ্মন্তুদ ঘটনাৰ তদন্তৰ কাৰণে আজি পুৱা  ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে দুৰ্যোগ প্ৰশমন বিভাগে। ADGP ৱাই কে গৌতমৰ নেতৃত্বত চলে তদন্ত। তদন্তকাৰী দল নিশ্চিত হৈছে যে ৰন্ধন গেছৰ পৰাই হৈছিল ৱায়াৰলেছৰ এই শোকাৱহ ঘটনা। ভয়ংকৰ জুই বিয়পি পৰাৰ সময়ত ৰন্ধন গেছৰ ষ্টভত ৰান্ধি থকা হৈছিল খাদ্য। চাৰিটা বাৰ্ণাৰৰ তিনিটাত আছিল কুকাৰ–কেৰাহী। এটা বাৰ্ণাৰ বন্ধ হৈ আছিল। ৰন্ধন গেছ লিক হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু অকল্পনীয় কাণ্ড সংঘটিত হয়। তদন্তকাৰী দলে শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনা নুই কৰিছে। ADGP ৱাই কে গৌতমে সংবাদ মাধ্যমক এই তথ্য জনায়। আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত ফৰেনছিকৰ দল উপস্থিত হয় আৰু অনুসন্ধানৰ কাৰণে বাসগৃহৰ বৈদ্যুতিক আৰু গেছৰ সামগ্ৰী লৈ যায়।

উল্লেখযোগ্য যে হৃদয়বিদাৰক দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আৰু চাওক
পৰৱৰ্তী বাতৰি