মুখ্যপৃষ্ঠা »খবৰ »অসম »Cabinet Decisions : গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু, বুধবাৰৰ কেবিনেটত আৰু কি কি সিদ্ধান্ত লোৱা হ'ল?

Cabinet Decisions : গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু, বুধবাৰৰ কেবিনেটত আৰু কি কি সিদ্ধান্ত লোৱা হ'ল?

বুধবাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কি কি সিদ্ধান্ত লোৱা হ'ল?

বুধবাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কি কি সিদ্ধান্ত লোৱা হ'ল?

বুধবাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কি কি সিদ্ধান্ত লোৱা হ'ল?

  • Share this:
বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ'ল—
যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণৰ লক্ষ্যৰে সিদ্ধান্ত:
১) যান-জঁট সমস্যা হ্ৰাসৰ লক্ষ্যৰে ৯টা প্ৰকল্পৰ কনছালটেন্সী ছাৰ্ভিচৰ বাবে মনোনয়নৰ ভিত্তিত ২৪:৫৭ কোটি টকাত ৰাইটছ লিমিটেডক দায়িত্ব প্রদান কৰা ৷
এইক্ষেত্ৰত প্রকল্পসমূহ হ'ল—
• বিতং প্রকল্প প্রতিবেদন প্রস্তুতকৰণ।
• শিলচৰত তাৰাপুৰ-শিবাৰীৰ ওচৰত পথ।
• গুৱাহাটীৰ জি এছ ৰোডৰ ডাউনটাউন হাস্পতালৰ সমীপত উৰণীয়া সেতু।
• গুৱাহাটীৰ আৰ কে চৌধুৰী ৰোডৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু।
• গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু।
• গুৱাহাটীৰ গৰলৰ পৰা পলাশবাৰীলৈ (প্রায় ৭.৫ কিঃমিঃ) অসম ট্রাংক ৰোডৰ উন্নয়ন।
• ৰাণী-কইনাধৰা পথৰ দীপৰ বিলৰ সীমাত আজাৰা আৰু কামাখ্যা ৰে'লপথৰ সমান্তৰালভাৱে অৱস্থিত ৭টা হাতীৰ কৰিড'ৰত আণ্ডাৰপাছ নিৰ্মাণ।
• শ্বহীদ স্মাৰক আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে ২টা এলিভেটেড পথ নিৰ্মাণ।

সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়ন
• শিলচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামনগৰৰ পৰা ট্রাংক ৰোডলৈ (আৰ আৰ এন এম ইউ বিল্ডিঙৰ ওচৰত) এলিভেটেড পথ।
• শিলচৰৰ ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাংগিৰখাৰী কেপিটেল পইণ্টৰ পৰা চাৰ্কুলাৰ পইণ্টলৈ এলিভেটেড পথ।

২) চহৰ গেছ বিতৰণৰ নীতি
চহৰ গেছ বিতৰণ (চি জি ডি) নেটৱৰ্কৰ প্ৰসাৰৰ বাবে অসম চহৰ গেছ বিতৰণ নীতি ২০২২ত অনুমোদন।
বৈশিষ্ট্যসমূহ
• সেৱা প্ৰদানকাৰীক আবণ্টিত ভৌগোলিক অঞ্চলত চি জি ডি নেটৱৰ্ক স্থাপন, কার্যকৰীকৰণ আৰু নিয়ন্ত্ৰণৰ বাবে অনুমোদন।
• চি জি ডি পাইপলাইন স্থাপনৰ বাবে বিভিন্ন অনুমতি লাভৰ বাবে পদ্ধতিগত আৰু সময় নির্ধাৰিত।
প্রক্রিয়া সুনিশ্চিতকৰণ
• চি জি ডি পাইপলাইন স্থাপনৰ পাছত নিৰৱচ্ছিন্ন আৰু পদ্ধতিগত পথ পুনৰুদ্ধাৰৰ বাবে বিশদ এছ অ' পি।
• চি জি এছ, জিলা নিয়ন্ত্রণ কেন্দ্র, টি অ' পি, এছ ভি এছ আৰু চি এন জি ষ্টেচনৰ বাবে আবেদনৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলে ৩০ দিনৰ ভিতৰত আপত্তিবিহীন প্রমাণপত্র (এন অ' চি) প্রদান কৰিব।
• নগৰ অঞ্চলৰ মাষ্টাৰ প্লেনিঙৰ সময়ত পাইপলাইন আৰু চি এন জি ষ্টেচনৰ লেণ্ড বেংকৰ বাবে ব্যৱহাৰিক কৰিড'ৰ স্থাপন।
• পৌৰসভাৰ সংস্থাসমূহৰ দ্বাৰা নিজ নিজ চহৰ-নগৰৰ সীমাৰ ভিতৰত চি এন জি ষ্টেচনসমূহৰ নিয়ন্ত্রণকে ধৰি একক বাণিজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে নিয়ম জাৰি।
• সমন্বয়ৰক্ষী বিষয়া, নিৰীক্ষণ সমিতি আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰে নীতিৰ নিৰৱচ্ছিন্ন ৰূপায়ণ সুনিশ্চিতকৰণ ৷

৩) সংহত সঞ্চালকালয় কমপ্লেক্স
গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নির্মাণৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদন।
• চহৰখনত অৱস্থিত সকলো সঞ্চালকালয় এই কমপ্লেক্সৰ অন্তৰ্ভুক্ত হ'ব।
• এই কমপ্লেক্সে ৰাইজক সেৱা প্ৰদানৰ প্ৰণালীটো সুশৃংখলিত কৰাৰ লগতে বিভিন্ন সঞ্চালকালয়ৰ মাজত উন্নত আন্তঃসংযোগ সুনিশ্চিত কৰিব।
ভূমিজনিত সমস্যাৰ নিষ্পত্তি
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চিলা সিন্ধুৰী ঘোপা মৌজাৰ অধীনৰ চিলা গ্ৰাণ্টৰ ২৫টা পৰিয়ালক ভূমিৰ প্ৰিমিয়াম প্রতি কঠাত ১০০০ টকালৈ শিথিলতাৰে ৫ বিঘা ১ কঠা আৰু ৩ লেচা ভূমি প্ৰদান কৰা হ'ব ৷

৪) শিশুকালৰ প্ৰাথমিক শিক্ষা আৰু যত্ন
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি বুনিয়াদী শিক্ষা আৰু প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা (ECCE)ৰ সামগ্রিক লক্ষ্যত উপনীত হ'বলৈ মৌলিক শিক্ষণ।
ই হৈছে ৩৮ বছৰ বয়সৰ শিশুক সামৰি অংগনৱাড়ীৰ ৩টা পর্যায় তথা প্রাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্রেণীত দুবছৰৰ গ্রেডেড শৈক্ষিক কার্যকলাপৰ মাজত শৈক্ষিক আৰু শিকন কাৰ্যকলাপৰ সংহতমূলক এক পর্যায়।
• অংকুৰ শ্রেণী - ৩ বছৰীয়া শিশুৰ বাবে (অংগনৱাড়ী)
• মুকুল শ্রেণী - ৪ বছৰীয়া শিশুৰ বাবে (অংগনৱাড়ী)
• বালৱাতিকা শ্রেণী (শিশু কানন)/ 'ক' শ্রেণী - ৫ বছৰীয়া শিশুৰ বাবে (অংগনৱাড়ী)
• প্রথম শ্রেণী - ৬-৭ বছৰ বয়সৰ শিশুৰ বাবে (প্রাথমিক শাখা)
• দ্বিতীয় শ্রেণী ৭-৮ বছৰ বয়সৰ শিশুৰ বাবে (প্রাথমিক শাখা)

শেহতীয়া বাতৰি