মৃত্যুৰ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব নিপন গোস্বামীৰ পৰিয়ালে?

বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ উৰা বাতৰিক লৈ ফেচবুকত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিলে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে।

news18assam
Updated:June 29, 2019, 11:34 AM IST
মৃত্যুৰ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব নিপন গোস্বামীৰ পৰিয়ালে?
বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ উৰা বাতৰিক লৈ ফেচবুকত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিলে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে।
news18assam
Updated: June 29, 2019, 11:34 AM IST
শুকুৰবাৰে ৰাজ্যৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে একাংশ দুষ্কৃতিকাৰীয়ে। বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যু হোৱা বুলি বিয়পোৱা খবৰে ব্যৰ্থিত কৰি তুলে তেখেতৰ পৰিয়ালৰ লগতে অভিনেতাগৰাকীৰ গুণগ্ৰাহী সকলক। ঘটনা সন্দৰ্ভত ছচিয়েল মিডিয়াৰ জৰিয়তে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে।

‘দেউতাৰ মৃত্যুৰ উৰা বাতৰি বিয়পাই কি সুখ পালে?’ বুলি প্ৰশ্ন কৰাৰ লগতে ফেচবুকৰ সেই সমূহ গ্ৰুপৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সিদ্ধাৰ্থই। সিদ্ধাৰ্থই কয় যে কেইদিনমান পূৰ্বে নিপন গোস্বামীৰ এক সৰু অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও বৰ্তমান তেখেত সম্পূৰ্ণ সুস্থ। এনেদৰে  হঠাৎ ছচিয়েল মিডিয়াত অভিনেতাগৰাকীৰ মৃত্যু ঘটা বুলি বাতৰি বিয়পোৱাৰ পিছত শোঁকত ভাগি পৰে অভিনেতাগৰাকীৰ অজস্ৰ গুণমুগ্ধ।

এনেদৰে ছচিয়েল মিডিয়াত নিপন গোস্বামীৰ মৃত্যুৰ ভুৱা খবৰ বিয়পোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাজ্যৰ বহুকেইগৰাকী সাংস্কৃতিক কলা কৌশলীয়ে। সেইদৰে এতিয়া ফেচবুকৰ কেইটামান পেজেও এনেদৰে মিছা বাতৰি প্ৰকশৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰে।



একাংশ লোকে এই উৰা বাতৰিৰ প্ৰচাৰ চলোৱাৰ পিছত জিএনআৰচিৰ জনসম্পৰ্কৰক্ষী বিষয়া মৃণাল আলী হাজৰিকাই স্পষ্ট কৰি দিয়ে যে–‘ নিপন গোস্বামী সম্পূৰ্ণ সুস্থ আৰু বৰ্তমান তেখেত নিজৰ বাসগৃহত আছে, এনে ধৰণৰ উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকক’।
আৰু চাওক পৰৱৰ্তী বাতৰি