• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ এই ‘হটস্পটত’ এটা দিনতে ৬৬জন কোৰোণা পজিটিভ, তথাপি হাস্পতাল নাযায় আক্ৰান্ত!

গুৱাহাটীৰ এই ‘হটস্পটত’ এটা দিনতে ৬৬জন কোৰোণা পজিটিভ, তথাপি হাস্পতাল নাযায় আক্ৰান্ত!

এতিয়াও স্বাস্থ্য বিভাগৰ লোকে আক্ৰান্ত  লোক সকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কম সময়ৰ ভিতৰত নিবলৈ সক্ষম  হোৱা এই বৃহৎ সংখ্যক কোৰোণা পজিটিভ লোকক৷

  • Share this:
ৰাজ্যত প্ৰতিদিনেই বাঢ়ি আহিছে কোৰোণাত আক্ৰান্তৰ সংখ্যা ৷ গুৱাহাটীত বিশেষভাৱে অতি উদ্বেগজনক হৈ পৰিছে পৰিস্থিতি।  লকডাউন আৰু তাৰ সমান্তৰালভাৱে সামাজিক ব্যৱধান,মাস্ক পৰিধান আদি ঠিকমতে মানি নচলাৰ বাবেই গুৱাহাটীত অতি সংক্ৰামক ৰূপ ধাৰণ কৰিছে কোৰোণাই।

মঙলবাৰৰ দিনটোত গুৱাহাটীত ৩৮০জন লোক কোৰোণা পজিটিভ বুলি চিনাক্ত হয়। ইয়াৰ ভিতৰত মহানগৰীৰ পশ্চিম ক্ষেত্ৰৰ ৬৬ গৰাকী ব্যক্তিৰ দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। পশ্চিম ক্ষেত্ৰৰ নিজৰা পাৰ ,কামাখ্যা কলনি ,জালুকবাৰী, মালিগাঁও, আদাবাৰী কলনি, শকুন্তলা কলনি, নাথ বস্তি  ইত্যাদি আন বহুতো ঠাইৰ পৰা সৰ্বমুঠ ৬৬ গৰাকী লোকৰ দেহত কোৰোণা ধৰা পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷

উল্লেখ্য যে, কোৰোণাৰ ৰোগীসকলক চিকিৎসাৰ বাবে নিবলৈ স্বাস্থ্য বিভাগৰ লোক উপস্থিত হোৱাৰ পাছত এক বিবাদৰ সূচনা হয় কিছু কিছু অঞ্চলত ৷ কোৰোণাৰ ৰিপ’ৰ্ট নেদেখুৱালে চিকিৎসাৰ বাবে কোনো কাৰণতেই যাবলৈ মান্তি নহয় একাংশ আক্ৰান্ত লোক ৷

এতিয়াও স্বাস্থ্য বিভাগৰ লোকে আক্ৰান্ত  লোক সকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কম সময়ৰ ভিতৰত নিবলৈ সক্ষম  হোৱা এই বৃহৎ সংখ্যক কোৰোণা পজিটিভ লোকক ৷
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি