তেতেলীয়াৰ শিশু অপহৰণ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ DCP পদ্মনাভ বৰুৱাৰ এক সংবাদমেল আয়োজন কৰিছে। তেওঁ জনায় যে, ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত 364 A ধাৰাৰ অধীনত 165/2023 নম্বৰত এটা গোচৰ ৰুজু হৈছিল। ইতিমধ্যেই বিহাৰৰ মাহুৱাৰ পৰা সুকলমে অপহৃত শিশু দুটি উদ্ধাৰ হৈছে। কিন্তু বৰ্তমানলৈ অপহৰণকাৰী পলাতক হৈ আছে।
ব্যৱসায়িক শত্ৰুতাৰ বাবে এই অপহৰণৰ ঘটনা সংঘটিত হৈছে। শিশু দুটি অপহৰণ কৰি অপহৰণকাৰীয়ে পৰিয়ালক ৫ লাখ টকা দাবী কৰিছিল। পৰিয়ালে এই কথা সংবাদ মাদ্যমৰ আগত স্বীকাৰ কৰে।
বৰ্তমান বিহাৰ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে। শীঘ্ৰেই মূল অভিযুক্ত জালত পৰিব বুলি DCP এ জনায়।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা তেতেলীয়াৰ পৰা অপহৃত হোৱা শিশু দুটা বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে। জিলাখনৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, সুধীৰ কুমাৰ ওৰফে চাজন, ৰাহুল আৰু আন এক সহযোগীয়ে শিশু দুটিক ঘৰৰ সন্মুখৰ পৰা ফুচুলাই গাড়ীত লৈ গৈছিল।
শিশু দুটিৰ মাতৃয়েও অপহৰণকাৰীৰ বিৰুদ্ধ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, অপহৰণকাৰী সুধীৰ কুমাৰ ওৰফে চাজনে শুকুৰবাৰে নিশা ফোনযোগে দাবী ৫ লাখ টকাৰ কৰিছিল। অন্যথা শিশু দুটিক গুলীয়াই দিয়াৰো ভাবুকি দিছিল। বৰ্তমানেও পলাতক তিনি অপহৰণকাৰী। শিশু দুটাৰ মাতৃয়ে তিনি অপহৰণকাৰীৰ কঠোৰ শাস্তি কামনা কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 18, 2023, 19:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।