உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তৃণমূলক সমৰ্থন নকৰাৰ বাবেই দৌৰিবলগীয়া হ’ল পশ্চিম বংগৰ পৰা, ৰাজ্যপালক কাষত পাই হুকহুকাই কান্দি উঠিল এইসকল লোক

    তৃণমূলক সমৰ্থন নকৰাৰ বাবেই দৌৰিবলগীয়া হ’ল পশ্চিম বংগৰ পৰা, ৰাজ্যপালক কাষত পাই হুকহুকাই কান্দি উঠিল এইসকল লোক

    প্ৰাণৰ মমতাত পশ্চিম বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিবাসী একাংশ দুৰ্ভগীয়াই নিজৰ নিজৰ মৰমৰ ঘৰখন এৰি সপৰিয়ালে আহিছে অসমলৈ।

    প্ৰাণৰ মমতাত পশ্চিম বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিবাসী একাংশ দুৰ্ভগীয়াই নিজৰ নিজৰ মৰমৰ ঘৰখন এৰি সপৰিয়ালে আহিছে অসমলৈ।

    প্ৰাণৰ মমতাত পশ্চিম বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিবাসী একাংশ দুৰ্ভগীয়াই নিজৰ নিজৰ মৰমৰ ঘৰখন এৰি সপৰিয়ালে আহিছে অসমলৈ।

    • Share this:
    আমাৰ দেশৰে নাগৰিক এওঁলোক। আমাৰ দেশৰ এখন ৰাজ্যৰ এইসকল নিজৰ গৃহৰ পৰাই বিতাৰিত। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ৰাজ্যখনৰ শাসকীয় দলৰ বিপৰীত হোৱা বাবেই লাঞ্চিত এইসকল। দেশৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰো লুণ্ঠিত।

    হয়, প্ৰাণৰ মমতাত পশ্চিম বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিবাসী একাংশ দুৰ্ভগীয়াই নিজৰ নিজৰ মৰমৰ ঘৰখন এৰি সপৰিয়ালে আহিছে অসমলৈ। সাম্প্ৰতিক বিধানসভা নিৰ্বাচনত বংগৰ শাসকীয় দল তৃণমূলৰ বিৰোধিতা কৰাৰ বাবেই এই অৱস্থা এওঁলোকৰ। বৰ্তমানে অসমৰ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ৰণপাগলীত আশ্ৰয় লৈ আছে এই লোকসকল।

    নিজৰ ৰাজ্যৰ এই দুৰ্ভগীয়াসকলৰ বুজ ল’বলৈ পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ডংকাৰ আজি উপস্থিত হয় অসম–বংগ সীমান্তৰ ৰনপাগলীত। নিৰ্বাচনৰ ভোট গণনাৰ পিছৰ পৰা পশ্চিম বংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিৰ পৰা অহা এই লোকসকলে আজি নিজ ৰাজ্যৰ ৰাজ্যপালক কাষত পাই হুকহুকাই কান্দি উঠে। ৰাজ্যপালৰ সন্মুখত তেওঁলোকে বিৱৰি ক’লে সকলো ঘটনা। ক্ষুব্ধ ৰাজ্যপালগৰাকীকো পশ্চিম বংগৰ চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গ’ল।

    উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভাৰ ৰণপাগলীত পশ্চিম বংগৰ কোচবিহাৰৰ পৰা গাড়ীৰে আহি পুৱা ৯ বজাত উপস্থিত হয় পশ্চিম বংগৰ ৰাজ্যপালগৰাকী। প্ৰথমতে আৰক্ষীৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰি  পোনে পোনে শৰণাৰ্থীসকলৰ সৈতে কথা পাতে ৰাজ্যপালগৰাকীয়ে ৷

    ৰাজ্যপালগৰাকীয়ে তেওঁলোকক নিজ ঘৰলৈ ঘূৰি যাবলৈ আহ্বান জনোৱাৰ লগতে পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ তীব্ৰ নিন্দা কৰে৷ ৰাজ্যপালে পশ্চিম বংগৰ আৰক্ষীয়ে ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰে৷

    ৰাজ্যপালগৰাকীয়ে বৃহস্পতিবাৰে কোচবিহাৰৰ শিতলকুচিলৈ যোৱাৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে চাৰি–পাঁচজন লোকে তেওঁকে আগচি ধৰিছিল। পশ্চিম বংগত ৰাজ্যপালৰে সুৰক্ষা নাই, তেনেক্ষেত্ৰত সাধাৰণ ভোটাৰ জনতা কিমান সুৰক্ষিত সেয়া সহজে অনুমেয় বুলিও উল্লেখ কৰে জগদীপ ডংকাৰে।

    ৰাজ্যপালগৰাকীৰ প্ৰশ্ন, পশ্চিম বংগত আৰক্ষীৰ এনে অৱস্থা কিয়? ৰাজনৈতিক শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক নিজ ৰাজ্যলৈ উভতি যোৱা প্ৰসংগত ৰাজ্যপালগৰাকীয়ে কয়, ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সঠিক ব্যবস্থা গ্ৰহণ কৰি এটা ভাল পৰিৱেশ স্থাপন কৰিব লাগিব৷ পিছত ৰাজ্যপালগৰাকীয়ে ৰণপাগলীৰ পৰা হেলিকপ্টাৰযোগে শিলিগুৰিলৈ ৰাওনা হয়।

    উল্লেখযোগ্য যে ৰাজ্যপালৰ ভ্ৰমণৰ সময়ত পশ্চিম বংগৰ দুজনকৈ সংসদ জন বৰ্লা আৰু নিশীত পাৰমাণৱিক আৰু তুফানগঞ্জৰ বিধায়িকা মালতী ৰাভা ৰায় উপস্থিত থাকে।
    Published by:Sanjay Kumar Das
    First published: