"শ্বাহৰুখ খান কোন? বলীউডৰ পৰা ফোন আহিব লাগিব, নিশা দুই বজাত ফোন আহিছে, এইবোৰ অহংকাৰী লোকৰ বাহিৰে অন্যই ক'ব নোৱাৰে"- গুৱাহাটীত এই মন্তব্য পূৰ্বৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ পশ্চিম বংগৰ কেবিনেট মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ।
অসমৰ মুখ্যমন্ত্ৰীক ক্ষমতাই মূৰত ধৰিছে আৰু তেওঁৰ মন-মগজু অহংকাৰেৰে ভৰি পৰিছে বুলি কয় বাবুল সুপ্ৰিয়ই। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খান সম্পৰ্কত কৰা এনে মন্তব্যত দুখ পাইছে বুলিও দেওবাৰে সংবাদ মাধ্যমক জনাই বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী তথা পশ্চিম বংগৰ কেবিনেট মন্ত্ৰী বাবুল সুপ্ৰিয়ই।
"বিজেপি নেতাৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবেই মই গেৰুৱা দল ত্যাগ কৰিছোঁ, শ্বাহৰুখ খান হ'ল দেশৰ গৌৰৱ, বলীউড, হলীউডৰ জনপ্ৰিয় অভিনেতা, তেওঁক চিনি নাপাওঁ বুলি কোৱাটো চূড়ান্ত হাস্যকৰ।" -এনেদৰেই গুৱাহাটীত নিজৰ ক্ষোভ উজাৰিলে বাবুল সুপ্ৰিয়ই। হিন্দু-মুছলমানৰ লেতেৰা ৰাজনীতি কৰিব নোৱৰাৰ বাবেই তেওঁ বিজেপি ত্যাগ কৰিছে বুলি কয়।
বিজেপিত থাকোঁতে ৭০-৩০ শতাংশ ৰাজনীতি কৰিবলগীয়া হৈছিল এতিয়া ১০০ শতাংশই কৰোঁ বুলিও কয় পশ্চিম বংগৰ জনপ্ৰিয় নেতাগৰাকীয়ে। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে গুৱাহাটীত বিজেপিক চোকা ভাষাৰে সমালোচনা কৰে। ডাবল ইঞ্জিনৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক এতিয়াও ৮০ হাজাৰ কোটি আদায় দিবলৈ আছে, সেইটো দিয়ক, কাৰণ অসম ১ লাখ ২০ হাজাৰ কোটি টকাৰ ধাৰত পোত খাই আছে বুলি কৈ বিজেপিক সমালোচনা কৰে বাবুল সুপ্ৰিয়ই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|