• Home
  • »
  • News
  • »
  • assam
  • »
  • জনপ্ৰিয় কন্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি ৮০তম জন্ম বাৰ্ষিকী

জনপ্ৰিয় কন্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি ৮০তম জন্ম বাৰ্ষিকী

জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, 'কৃষ্ণচূড়া কৃষ্ণচূড়া' , 'সোণাৰ বৰণ পাখীৰে তোৰ ',  'জীৱনটো যদি অভিনয় হয়'  আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল।

জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, 'কৃষ্ণচূড়া কৃষ্ণচূড়া' , 'সোণাৰ বৰণ পাখীৰে তোৰ ',  'জীৱনটো যদি অভিনয় হয়'  আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল।

জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, 'কৃষ্ণচূড়া কৃষ্ণচূড়া' , 'সোণাৰ বৰণ পাখীৰে তোৰ ',  'জীৱনটো যদি অভিনয় হয়'  আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল।

  • Share this:
আজি ২০ ছেপ্তেম্বৰ তাৰিখে কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিন। বৰেণ্য শিল্পীগৰাকীৰ আজি ৮০ সংখ্যক ওপজা দিন। অসমৰ সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টিৰে নিজৰ সুন্দৰ সংগীতেৰে অসমৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল জয়ন্ত হাজৰিকা। বৰ্তমানেও তেওঁ সৃষ্টি কৰি যোৱা বহুতো কালজয়ী গীত অসমৰ ৰাইজৰ মাজত প্ৰচলিত আৰু প্ৰিয়। জয়ন্ত হাজৰিকাই অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনিৰ সৃষ্টি কৰিছিল যি তেখেতৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য আছিল।

মঙলবাৰে অসমৰ বিভিন্ন ঠাইত তেওঁক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে। ৰাতিপুৱা ভাগত গুৱাহাটীৰ চানমাৰিত থকা জয়ন্ত হাজৰিকা উদ্যানত শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে, ব্যতিক্ৰম মাছডো গোষ্ঠীৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাত বিয়লি ৪ বজাত তেওঁৰ জন্মদিৱস পালন কৰা হ’ব। এই অনুষ্ঠানতে কলকাতাৰ বিশিষ্ট শিল্পী লোপামুদ্ৰা মিত্ৰক ‘জয়ন্ত হাজৰিকা ব্যতিক্ৰমী জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰা হ’ব।

জয়ন্ত হাজৰিকাৰ জন্ম বাৰ্ষিকী উপলক্ষে বিভিন্ন লোকে তেওঁক সোঁৱৰিছে আৰু শ্ৰদ্ধা জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট কৰি প্ৰয়াত শিল্পীগৰাকীক সোঁৱৰি সশ্ৰদ্ধ প্ৰণাম জনায়। তেখেতে লিখে, ‘অসমীয়া সংগীতক ধন্য কৰাসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ মোৰ অতি শ্ৰদ্ধাৰ সুৰকাৰ তথা কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ আজি ওপজা দিন। ৰাণাদাৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক যুগে যুগে দি গৈছে এক নতুন পৰিচয়। আমাৰ অতি প্ৰিয় শিল্পীগৰাকীক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ কৰিলোঁ৷" উক্ত পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জয়ন্ত হাজৰিকাই হাৰমনিয়ামেৰে সংগীত পৰিৱেশন কৰি থকা এটা গ্ৰাফিক ভিডিঅ’ শ্বেয়াৰ কৰে।

জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, 'কৃষ্ণচূড়া কৃষ্ণচূড়া' , 'সোণাৰ বৰণ পাখীৰে তোৰ ',  'জীৱনটো যদি অভিনয় হয়'  আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰ জন্ম লাভ কৰা জয়ন্ত হাজৰিকা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ হোৱাৰ উপৰিও বাদ্যবাদকো আছিল। নিজৰ চুটি জীৱনকালত তেখেতে বহুতো জনপ্ৰিয় গীত সৃষ্টি কৰি গৈছে যিবোৰে বৰ্তমানেও সংগীত প্ৰেমীক আপ্লুত কৰে। জয়ন্ত হাজৰিকা অসমত যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰা প্ৰথমজন সংগীতকাৰ আছিল। তেখেতে নিজৰ গীতত অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ'ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ কৰিছিল।

জয়ন্ত হাজৰিকাই ১৯৭৭ চনত গোলাঘাটৰ ৰাইজৰ সহযোগত 'সুৰ-বাহিনী' নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকক সাহায্য দিবলৈ বাটে-পথে গীত পৰিৱেশন কৰি বানপীড়িতৰ বাবে ধন সংগ্ৰহ কৰিছিল। `সুৰ বাহিনী'ৰ বাবে কেইবাটাও গীত সৃষ্টি কৰিছিল জয়ন্ত হাজৰিকাৰ লগতে এই বাহিনীত যোগ দিয়া আন সংগীতকাৰসকলে। তেওঁলোকে `সুৰ বাহিনী'ৰ দ্বাৰা ৰাইজক সহায় কৰিছিল।

জয়ন্ত হাজৰিকাই কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত পাকৈত আছিল। তেখেতে তবলা, মাউথ অৰ্গেন, গীটাৰ, ডুমৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ানকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল। জয়ন্ত হাজৰিকাই দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈকো জানিছিল।

জয়ন্ত হাজৰিকা অসমৰ জনপ্ৰিয় সংগীতকাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাতৃ আছিল। ১৯৭৭ চনৰ ১৫ অক্টোবৰত জয়ন্ত হাজৰিকাৰ মৃত্যু হয়।
Published by:Sehnaz Begum
First published: