মুখ্যপৃষ্ঠা »খবৰ »অসম »বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা এতিয়া ব্যস্ত তাঁতশালত

বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা এতিয়া ব্যস্ত তাঁতশালত

২০খন শালত ২০গৰাকী শিপিনীয়ে ৪ দিনত বৈ উলিয়াব ২০০খন গামোচা 

২০খন শালত ২০গৰাকী শিপিনীয়ে ৪ দিনত বৈ উলিয়াব ২০০খন গামোচা 

২০খন শালত ২০গৰাকী শিপিনীয়ে ৪ দিনত বৈ উলিয়াব ২০০খন গামোচা 

  • Share this:
তাঁতশালত গামোচা বৈছে আঙুৰলতা ডেকাই। বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (Angoorlata Deka) এতিয়া ব্যস্ত তাঁতশালত। লতাশিল খেলপথাৰত আৰম্ভ হৈছে বয়ন প্ৰশিক্ষণ কৰ্মশালা। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰম্ভ হোৱা ৪ দিনীয়া  কৰ্মশালাখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

লক্ষ্য ২০০ খন গামোচা। ২০খন শালত ব্যস্ত ২০ গৰাকী শিপিনী। শিপিনীসকলে বৈ উলিওৱা গামোচা ক্ৰয় কৰিব লতাশিল বিহু কমিটিয়ে। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তত্ত্বাৱধানত বয়ন প্ৰশিক্ষণ আগবঢ়াইছে প্ৰশিক্ষকসকলে। বয়ন প্ৰশিক্ষণত (Weaving training workshop) অংশ লৈ আনন্দিত মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰী। প্ৰশিক্ষণস্থলীতে প্ৰদৰ্শন কৰা হৈছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ হাতেৰে বস্ত্ৰত বৈ উলিওৱা নামঘোষা, গুণমালা , শ্ৰীমদ্ভাগৱত গীতাৰ অসমীয়া, সংস্কৃত, ইংৰাজী আৰু হিন্দী সংস্কৰণ। আনহাতে প্ৰাকৃতিকভাৱে নিমপাত, পিয়াজৰ বাকলি, হালধি, শিলিখা আদিৰে কিদৰে কাপোৰত ৰঙ কৰিব পাৰি সেয়াও প্ৰদৰ্শন কৰা হৈছে প্ৰশিক্ষণস্থলীত।

ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু মহানগৰ জিলা মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তত্ত্বাৱধানত এই বয়ন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে। বয়ন শিল্পক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ বিজেপিৰ মহিলা মৰ্চাই এনে পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰৰ্ৱতী সময়টো এনে প্ৰচেষ্টা গ্ৰহণ কৰিব।

শেহতীয়া বাতৰি