এফালে, দেশৰ কিছুমান ৰাজ্যত নিৰন্তৰ বৰষুণ অব্যাহত আছে, আনহাতে কিছুমান ৰাজ্যত তাপমাত্ৰা বৃদ্ধি পাইছে। স্কাইমেট ৱেডাৰৰ এক প্ৰতিবেদন অনুসৰি, পৰৱৰ্তী ২৪ ঘণ্টাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উপ-হিমালয় পশ্চিম বংগৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু দক্ষিণ কৰ্ণাটকতো পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব ভাৰত, কেৰালা, লক্ষদ্বীপ, উত্তৰ-পূব বিহাৰ আৰু জম্মু-কাশ্মীৰৰ বাকী অংশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ আভ্যন্তৰীণ কৰ্ণাটক, তামিলনাডু আৰু কোঙ্কন আৰু গোৱাত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
যোৱা ২৪ ঘণ্টাত দেশৰ বতৰৰ বিষয়ে ক'বলৈ গ'লে, ছিকিম, উপ-হিমালয় পশ্চিম বংগ, অসম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কিছুমান ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল আৰু কিছু ঠাইত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হৈছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : June 04, 2022, 07:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।