মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Weather Forecast: ৰাজ্যত আগন্তুক ৩ দিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব বতৰ, বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা

Assam Weather Forecast: ৰাজ্যত আগন্তুক ৩ দিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব বতৰ, বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা

ৰাজ্যত আগন্তুক ৩ দিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব বতৰ, বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা

ৰাজ্যত আগন্তুক ৩ দিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব বতৰ, বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা

বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি, বৃহস্পতিবাৰ পর্যন্ত অসমৰ কেতবোৰ ঠাইত ধুমুহা বতাহ বলাৰ লগতে গাজনি, বিজুলী-ঢেৰেকনীৰ সৈতে প্ৰচণ্ড বৰষুণ অহাৰো সম্ভাৱনা আছে।

  • Share this:
বংগোপসাগৰৰ উপকূলীয় অঞ্চলত সৃষ্টি হোৱা কেতবোৰ প্রাকৃতিক পৰিঘটনাৰ বাবে অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ বিগত প্রায় এটা সপ্তাহ ধৰি ডাৱৰীয়া হৈ বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হৈ আছে। বৰঝাৰস্থিত
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি, অৰুণাচল প্রদেশ, অসম আৰু মেঘালয়ত অহা পাঁচদিনলৈ বতৰ অপৰিৱৰ্তনীয় হৈ থাকিব ।

মঙলবাৰৰ পুৱা পর্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ সকলো ঠাইতে কম- বেছি পৰিমাণে বৰষুণ হৈছে। তেনেদৰে অসমৰ ভিতৰত পশ্চিম অসম, দক্ষিণ অসম, উত্তৰ অসম আৰু অৰুণাচল প্রদেশ-ভুটান সীমান্তবর্তী জিলা কেইখনৰ বেছিভাগ অঞ্চলতে তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ কিছু বেছি হোৱাৰ লগতে গাজনী- চেৰেকনিৰ সৈতে বতাহ বলাৰ উপৰিও ঠাইবিশেষে বজ্রপাত পৰিছে।

কেন্দ্ৰই সদৰি কৰা অনুসৰি, পশ্চিমবংগ আৰু বাংলাদেশৰ ওপৰেৰে সাগৰপৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাৰে পশ্চিমৰ দিশৰপৰা বতাহ বলি থকা বাবে উত্তৰ-পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো তাপমাত্রা স্বাভাবিকতকৈ ঠাইবিশেষে ১ ৰ পৰা ১০ ডিগ্রী ছেলচিয়াছ পর্যন্ত কম হৈছে । ফলত ৰাইজে গৰমৰ পৰা সাময়িকভাৱে হ'লেও সকাহ পাইছে।

উল্লেখযোগ্য যে, বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি, বৃহস্পতিবাৰ পর্যন্ত অসমৰ কেতবোৰ ঠাইত ধুমুহা বতাহ বলাৰ লগতে গাজনি, বিজুলী-ঢেৰেকনীৰ সৈতে প্ৰচণ্ড বৰষুণ অহাৰো সম্ভাৱনা আছে। অৱশ্যে আগন্তক পাঁচদিনত বতৰ অপৰিবৰ্তনীয় হৈ থাকিলেও দিনৰ ভাগত মাজে মাজে আকাশত সূর্য দেবতাই ভূমুকি মাৰি থাকিব। যাৰ বাবে দিনৰ ভাগত বহু ঠাইত ৰ'দ ওলাব। অর্থাৎ একেৰাহে কোনো ঠাইতে অধিক সময় বৰষুণ আহি নাথাকিব আৰু বৰষুণৰ পাছত কিছু সময়ৰ বাবে আকৌ আকাশ ফৰকাল হৈ পৰিব।

শেহতীয়া বাতৰি