বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৰষুণৰ সংকেত। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা মতে, আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বহু ঠাইত বৰষুণৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে অসমৰ কিছু কিছু ঠাইত অহা ১৮ ছেপ্টেম্বৰলৈ কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে অহা ১৬ ছেপ্টেম্বৰ বৃহস্পতিবাৰে এই বৰষুণৰ ফলত গুৱাহাটী হ্ৰাস পাব তাপমান। যাৰ ফলত মহানগৰবাসীয়েও পৰিত্ৰাণ পাব উৎকট গৰমৰ পৰা।