প্ৰচণ্ড শীতৰ মাজেৰে আহিব নৱবৰ্ষ, অহা ৫ দিনত উত্তৰ–পূবত বৰষুণৰ সম্ভাৱনা!

News18 Assam | News18-Assam
Updated:December 24, 2019, 4:15 PM IST
প্ৰচণ্ড শীতৰ মাজেৰে আহিব নৱবৰ্ষ, অহা ৫ দিনত উত্তৰ–পূবত বৰষুণৰ সম্ভাৱনা!
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে, ২৭ আৰু ২৮ ডিচেম্বৰত উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যতে কিছু কিছু পৰিমাণে বৰষুণ হ’ব। ৩১ ডিচেম্বৰৰ নিশা হ’ব পাৰে প্ৰচণ্ড শীত৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে, ২৭ আৰু ২৮ ডিচেম্বৰত উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যতে কিছু কিছু পৰিমাণে বৰষুণ হ’ব। ৩১ ডিচেম্বৰৰ নিশা হ’ব পাৰে প্ৰচণ্ড শীত৷

  • Share this:
অহা ৫ দিনত অসম তথা উত্তৰ–পূবত হ’ব পাৰে বৰষুণ। এই আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত দুদিনত গুৱাহাটীকে ধৰি উত্তৰ–পূবৰ প্ৰতিটো প্ৰান্তত নামিছে পাৰাস্তম্ভ৷ গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৫ দিনৰ বতৰৰ আগজাননী দিয়া মতে, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰকে ধৰি উত্তৰ–পূবৰ ৰাজ্য কেইখনত হ’ব পাৰে কম বেছি পৰিমাণে বৰষুণ৷ যাৰ বাবে অহা ৫ দিনত সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলত বৃদ্ধি পাব শীতৰ প্ৰকোপ৷

গুৱাহাটীত আজিৰ দিনটোত সৰ্বনিম্ন তাপমাত্ৰা হৈছে ১১ ডিগ্ৰী আৰু সৰ্বোচ্চ তাপমাত্ৰা ১৪ ডিগ্ৰী ছেলছিয়াছ৷ আনহাতে, ইম্ফলত সৰ্বনিম্ন তাপমাত্ৰা হৈছে ৪.৩ ডিগ্ৰী ছেলছিয়া।৷ ক’হিমাত ৫.৩ ডিগ্ৰী ছেলছিয়াছ৷ শ্বিলং আৰু চেৰাপুঞ্জীত সৰ্বনিম্ন তাপমাত্ৰা ৫ ডিগ্ৰী ছেলছিয়াছ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে, ২৭ আৰু ২৮ ডিচেম্বৰত উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যতে কিছু কিছু পৰিমাণে বৰষুণ হ’ব। ৩১ ডিচেম্বৰৰ নিশা হ’ব পাৰে প্ৰচণ্ড শীত৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি