ৰুষ্ট প্ৰকৃতি! আগন্তুক চাৰি দিনলৈ ৰাজ্যত বতাহ-বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতাৰ বিজ্ঞান কেন্দ্ৰই।
ৰুষ্ট প্ৰকৃতি! আগন্তুক চাৰি দিনলৈ ৰাজ্যত বতাহ-বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতাৰ বিজ্ঞান কেন্দ্ৰই।বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে, মঙলবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিছে।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, উৰিষ্যাৰ সাগৰীয় উপকূলত সৃষ্ট নিম্নচাপ আৰু বতৰৰ কেতবোৰ প্রাকৃতিক পৰিঘটনাৰ বাবে বিহাৰৰ আকাশেৰে আৰু হিমালয়ৰ পাদদেশত সাগৰপৃষ্ঠৰ পৰা মাত্র ৯০০ মিটাৰৰ পৰা ১.৫ কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে আৰু এই বতাহ মেৰ প্ৰথম সপ্তাহতে অসমসহ উত্তৰ–পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
গতিকে ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘণ্টাত ৪০ৰ পৰা ৬০ কিলো মিটাৰ বেগত বতাহ -ধুমুহা অহাৰ সম্ভৱনা আছে। কেৱল অসমতে নহয়, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰো ঠাই বিশেষে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে। আনহাতে আগন্তুক চাৰি দিনত তাপমাত্রা স্বাভাৱিকতকৈ কিছু কম হোৱাৰ সম্ভাৱনাৰ কথাও জনাই বতৰ বিজ্ঞান কেন্দ্ৰই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|