বৃদ্ধি পাব শীতৰ প্ৰকোপ! বৃহস্পতিবাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা, হ্ৰাস পাব তাপ মাত্ৰা

News18 Assam | News18-Assam
Updated:January 20, 2021, 3:31 PM IST
বৃদ্ধি পাব শীতৰ প্ৰকোপ! বৃহস্পতিবাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা, হ্ৰাস পাব তাপ মাত্ৰা
প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী।

প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী।

  • Share this:
প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী। কিন্তু এতিয়াই শীতৰ পৰা পৰিত্ৰাণ নাপাই ৰাজ্যবাসীয়ে। মঙলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হৈ থকাৰ ফলত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। অহা  বৃহস্পতিবাৰ পৰ্যন্ত ৰাজ্যবাসীয়ে শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই। বৃহস্পতিবাৰৰ দিনটোত ঠায়ে ঠায়ে কম বেছি পৰিমাণে বৰষুণ হ'ব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ১৯ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামিছে তাপ মাত্ৰা। বৃহস্পতিবাৰে তাপমাত্ৰা সৰ্বোচ্চ ২১ ডিগ্ৰী আৰু সৰ্বনিম্ন ১১ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে। কিন্তু শুকুৰবাৰৰ পৰা কিছু পৰিমাণে হ্ৰাস পাব পাৰে শীত।

কেৱল গুবাহাটীতে নহয় বৃহস্পতিবাৰে উজনি অসমৰ প্ৰায় সকলো জিলাতেই বাঢ়িব পাৰে শীতৰ প্ৰকোপ। আনহাতে মধ্য আৰু নামনি অসমতো হ্ৰাস পাব তাপমাত্ৰা। লগতে হ'ব পাৰে কম বেছি পৰিমাণে হ'ব পাৰে বৰষুণ।
Published by: Himangshu Bhuyan
First published: January 20, 2021, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি