গুৱাহাটীত কেইবাদিনলৈ হ’ব প্ৰবল বৃষ্টিপাত। এই বৃষ্টিপাত অব্যাহত থাকিব গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলতো। সমগ্ৰ অঞ্চলটোতে ধাৰাষাৰ বৰষুণৰ প্ৰকোপ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে।
বৰঝাৰস্থিত জেষ্ঠ বতৰ বিজ্ঞান বিজ্ঞানীয়ে দিয়া আগজাননী অনুসৰি আগন্তুক ২৬ অক্টোবৰত অসম, মেঘালয়, অৰুণাচল আৰু নাগালেণ্ডত বৰষুণৰ সম্ভাৱনা আছে। ২৪ অক্টোবৰৰ পৰা ৰাজ্যত বৰষুণ আৰম্ভ হৈছে যি ২৮ অক্টোবৰলৈ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
ইয়াৰোপৰিও, উত্তৰ-পূৱত সাগৰীয় ধুমুহা ছিত্ৰঙৰ প্ৰভাৱ আংশিকভাৱে পৰিব বুলি জানিব পৰা গৈছে। উত্তৰ-পশ্চিম আৰু সংলগ্ন মধ্য বংগ উপসাগৰৰ ওপৰত “Si-Trang” ঘূৰ্ণীবতাহ উত্তৰ-পূব দিশলৈ গতি কৰিছে আৰু আজি অৰ্থাৎ ২৫ অক্টোবৰ, ২০২২ তাৰিখে সন্ধিয়া ৫ বাজি ৩০ মিনিট উত্তৰ-পূবত এই ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, এইবেলি দেৱালীৰ দিনা ডাৱৰীয়া হৈ থাকিব আকাশ। দেৱালীৰ আনন্দ–উচাহ এইবাৰ সেমেকা হৈ পৰিল বৰষুণ, বতাহ আৰু ছিত্ৰাঙৰ বাবে। অসমৰ বিভিন্ন ঠাইত বৃষ্টিপাতে এতিয়া ম্লান কৰিছে দেৱালী উদযাপনৰ হেঁপাহ–উল্লাস।
Published by: Sehnaz Begum
FIRST PUBLISHED : October 25, 2022, 11:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।