• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি নিশাৰ পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আগজাননী! আগন্তুক ৫ দিনলৈ নাই বৰষুণ এৰাৰ সম্ভাৱনা

আজি নিশাৰ পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আগজাননী! আগন্তুক ৫ দিনলৈ নাই বৰষুণ এৰাৰ সম্ভাৱনা

ছেপ্তেম্বৰৰ শেষৰ ফালেও গৰমে দহিছে ৰাজ্যক। আজিৰ দিনটোতে গুৱাহাটী মহানগৰীত ৩৮ ডিগ্ৰীলৈকে বাঢ়িছে তাপমাত্ৰা।

  • Share this:
আঁতৰিব গৰম! প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আজি নিশাৰ পৰাই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে অব্যাহত থাকিব কম বেছি পৰিমাণে বৰষুণ।

সোমবাৰ আৰু মঙলবাৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। সেইদৰে অহা শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব। কিন্তু উজনি অসমৰ প্ৰায়বোৰ জিলাচে অহা বুধবাৰৰ পৰাহে বৰষুণ অহাৰ আজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অহা দেওবাৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে উক্ত দিনকেইটাত গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
Published by:Himangshu Bhuyan
First published: