• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Report: মঙলবাৰৰ পৰা গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা!

Weather Report: মঙলবাৰৰ পৰা গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা!

অসমকে ধৰি হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, মেঘালয়, লাক্ষাদ্ৱীপ আদিতো ধুমুহা বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে।

  • Share this:
কাইলৈ অর্থাৎ মঙলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। অহা দেওবাৰ পৰ্যন্ত কম বেছি পৰিমাণে বৰষুণ হব পাৰে ঠাই বিশেষে। সেইদৰে গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।

কেৱল গুৱাহাটী মহানগৰীয়েই নহয় উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, অহা বুধবাৰে দুপৰীয়া সাগৰীয় ঘূৰ্ণীবতাহ য়াছে ওড়িশাৰ বিভিন্ন প্ৰান্তত কোৱাই যোৱাৰ আশংকা কৰা হৈছে। বুধবাৰে ঘণ্টাত সৰ্বোচ্ছা ১৮৫ কিলোমিটাৰ গতিত বতাহ ধুমুহা অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

এই ঘূৰ্ণী বতাহৰ ফলত সৰ্বাধিক প্ৰভাৱিত হ'ব পশ্চিম বংগ আৰু ওড়িশা। অসমতো এই সামুদ্ৰিক ধুমুহাৰ প্ৰভাৱত ধুমুহা-গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ আশংকা আছে।

২৬ মে’ত ই পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত সজোৰে খুন্দা মাৰিব। বতৰ বিজ্ঞান বিভাগ (IMD)এ ইতিমধ্যে বংগ আৰু ওড়িশা চৰকাৰক এই ঘূৰ্ণীৰ বাবে সাজু থাকিবলৈ আগজাননী দিছে।

অসমকে ধৰি হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, মেঘালয়, লাক্ষাদ্ৱীপ আদিতো ধুমুহা বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে।
Published by:Himangshu Bhuyan
First published: