১,২ আৰু ৩ জুনত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
উৎকট গৰমৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসীয়ে! অহা ৩ জুনলৈকে ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। আজিৰ দিনটোৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰযুণ হ'ব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেইদৰে গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
কেৱল গুৱাহাটী মহানগৰীয়েই নহয় উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব। ১,২ আৰু ৩ জুনত অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|