বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা!

News18 Assam | News18-Assam
Updated:November 21, 2020, 9:54 AM IST
বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা!
Source-Google

ক্ৰামত্‍ শীতৰ আগমন ঘটিছে ৰাজ্যলৈ

  • Share this:
ক্ৰামত্‍ শীতৰ আগমন ঘটিছে ৰাজ্যলৈ। এইবাৰ নৱেম্বৰ মাহতেই বিগত বছৰ সমূহৰ তুলনাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৃষ্টিপাতৰ আগজাননী। অহা দেওবাৰলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কম বেছি পৰিমাণে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰ আৰু দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত ১৫ ডিগ্ৰী চেলচিয়াচলৈ নামিব পাৰে তাপ মাত্ৰা।



কেৱল গুৱাহাটী মহানগৰীতে নহয়, শোণিতপুৰ, নগাওঁ, যোৰহাট, লখিমপুৰ, নলবাৰী, বৰপেটা, ধেমাজিৰ লগতে বৰাক উপত্যকৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেৰাহে যদি দুদিন বৰষুণ দিয়ে, তেন্তে প্ৰচণ্ড শীতৰ কৱলত পৰিব পাৰে ৰাজ্য।

ইফালে নতুন দিল্লীতো নৱেম্বৰ মাহতে হাড় কঁপোৱা ঠাণ্ডা। যোৱা ১৬ বছৰৰ পিছত দেশৰ ৰাজধানী চহৰ খনত এইবাৰ তাপ মাত্ৰা ৭.৬ ডিগ্ৰী চেলচিয়াচলৈ নামিছে।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading