• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Report: আগন্তুক ৫ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, গুৱাহাটীত ২৪ ডিগ্ৰীলৈ নামিব পাৰে তাপমাত্ৰা!

Weather Report: আগন্তুক ৫ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, গুৱাহাটীত ২৪ ডিগ্ৰীলৈ নামিব পাৰে তাপমাত্ৰা!

সোমবাৰৰ দিনটোতো কিছু কিছু  ঠাইত  বতৰ গোমা হোৱাৰ লগতে বৰষুণ হোৱা দেখা যায় ৷

সোমবাৰৰ দিনটোতো কিছু কিছু  ঠাইত  বতৰ গোমা হোৱাৰ লগতে বৰষুণ হোৱা দেখা যায় ৷

সোমবাৰৰ দিনটোতো কিছু কিছু  ঠাইত  বতৰ গোমা হোৱাৰ লগতে বৰষুণ হোৱা দেখা যায় ৷

  • Share this:
গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আগন্তুক ৫ দিনলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে অব্যাহত থাকিব কম বেছি পৰিমাণে বৰষুণ।

যদিও ৫ দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থাকিব, কিন্তু ইয়াৰ মাজতে ৰাজ্যবাসীয়ে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ৷ সোমবাৰৰ দিনটোতো কিছু কিছু  ঠাইত  বতৰ গোমা হোৱাৰ লগতে বৰষুণ হোৱা দেখা যায় ৷

মঙলবাৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। সেইদৰে অহা শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব। কিন্তু উজনি অসমৰ প্ৰায়বোৰ জিলাতে অহা বুধবাৰৰ পৰাহে বৰষুণ অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে উক্ত দিনকেইটাত গুৱাহাটী মহানগৰীত প্ৰায় ২৪ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
Published by:Himangshu Bhuyan
First published: