প্ৰখৰ ৰ'দ! ৰাজ্যজুৰি বাঢ়িছে গৰমৰ প্ৰকোপ। কিন্তু গৰমৰ প্ৰকোপ হ্ৰাস কৰিবলৈ আহি আছে বৰষুণ! মঙলবাৰৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীৰ লগতে উজনি নামনি প্ৰায় প্ৰতিখন জিলাতে কাইলৈৰ পৰা প্ৰায় এসপ্তাহ ধৰি কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ঠায়ে ঠায়ে বতাহ-ধুমুহাও আহিব পাৰে।
বৰষুণৰ ফলত হ্ৰাস পাব তাপমাত্ৰা। মঙলবাৰে সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী চেলছিয়াছ হোৱাৰ পৰিৱৰ্তে সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলছিয়াছলৈকে হ্ৰাস পাব পাৰে।
ইফালে ঘূৰ্ণী বতাহ অশনিয়েও এতিয়া আতংকিত কৰি তুলিছে সকলোকে। এক তীব্ৰ ঘূৰ্ণিবতাহ হিচাপে অশনিয়ে মঙলবাৰৰ আগলৈকে অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা উপকূলৰ উত্তৰ-পশ্চিম দিশে আগবাঢ়িব। এই পূৰ্বানুমান বতৰ বিভাগে কৰিছে।
উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ উৰিষ্যা উপকূলৰ ওচৰলৈ অশনি অহাৰ লগে লগে ই দিশ সলনি কৰিব। উত্তৰ-পশ্চিম দিশ এৰি ই উত্তৰ আৰু উত্তৰ-পূবৰ ফালে আগবাঢ়িব। লাহে লাহে ই উত্তৰ-পশ্চিম বংগোপসাগৰত প্ৰৱেশ কৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|