আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ধেৰেকণি থাকিব অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত।
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ধেৰেকণি থাকিব অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত।
আজিৰে পৰা ২১ ফেব্ৰুৱাৰীলৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ কিছু কিছু ঠাইত বৰষুণৰ সম্ভাৱনা। সাগৰপৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত বৰষুণৰ প্ৰভাৱৰ সম্ভৱনা উত্তৰ–পূৰ্বাঞ্চলত।
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বৰষুণ অহা ২১ ফেব্ৰুৱাৰী পৰ্যন্ত অহাৰ সম্ভাৱনাৰ আগ জাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰোপৰি আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ধেৰেকণি থাকিব অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|