আৰু সেমেকিব পূজাৰ বতৰ! অসম–মেঘালয়ত অৰেঞ্জ এলাৰ্ট, এই চাৰিদিন ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:October 22, 2020, 9:44 AM IST
আৰু সেমেকিব পূজাৰ বতৰ! অসম–মেঘালয়ত অৰেঞ্জ এলাৰ্ট, এই চাৰিদিন ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
বতৰ বিজ্ঞান বিভাগৰ মতে, বে’ অব বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ অঞ্চল আৰু ধুমুহাৰ সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব উত্তৰ–পূবত।

বতৰ বিজ্ঞান বিভাগৰ মতে, বে’ অব বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ অঞ্চল আৰু ধুমুহাৰ সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব উত্তৰ–পূবত।

  • Share this:


কোৰোণা পৰিস্থিতিৰ বাবে এই পূজাৰ বতৰ তেনেই সেৰেঙা। কোনোফালেই নাই জাক–জমকতা। বজাৰতো নাই পূৰ্বৰ বছৰবোৰৰ দৰে ভিৰ। বহু পূজা কমিটীয়ে পূজা আয়োজন কৰিছে যদিও সেয়া কঠোৰ চৰকাৰী নীতি–নিৰ্দেশনাৰ মাজেৰেহে। আনহাতে, বহু স্থানত এইবাৰ কেৱল ঘট পূজা অনুষ্ঠিত হ’ব।

দুৰ্গা পূজা বুলি ক’লে সকলোৰে এপাক ওলাই যোৱাৰ মন থাকে। পৰিস্থিতি যিয়েই নহওক, বছৰৰ মূৰত অহা পূজাৰ আনন্দনো কোনে ল’ব নিবিচাৰে। কিন্তু কোৰোণা পৰিস্থিতিৰ মাজত অনুস্তুপীয়াকৈ যি পূজাৰ আয়োজন কৰা হৈছে, তাতো বিধিপথালি দিব পাৰে বতৰে।

২১ অক্টোবৰৰ পৰা চাৰিদিন ধৰি অসম আৰু মেঘালয়ত প্ৰচূৰ বৰষুণ হোৱাৰ সম্ভাৱনা অসম আৰু মেঘালয়ত। অৰেঞ্জ এলাৰ্টত অসম আৰু মেঘালয় ঘোষণা।

বতৰ বিজ্ঞান বিভাগৰ মতে, বে’ অব বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ অঞ্চল আৰু ধুমুহাৰ সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব উত্তৰ–পূবত।


২২ৰ পৰা ২৪ অক্টোবৰলৈ উত্তৰ–পূব ভাৰতত প্ৰচূৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ২৩ অক্টোবৰত আৰু অসম আৰু মেঘালয়ত ২৪ অক্টোবৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

Published by: Sanjay Kumar Das
First published: October 22, 2020, 9:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading