বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমান আছিল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ। এয়া চলিত বৰ্ষৰ সৰ্বোচ্চ তাপমান।
বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমান আছিল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ। এয়া চলিত বৰ্ষৰ সৰ্বোচ্চ তাপমান।
আগষ্ট মাহত যোৱা বুধবাৰৰ তাপমানে সৰ্বোচ্চ অভিলেখ ভংগ কৰিলে। বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমান আছিল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ। এয়া চলিত বৰ্ষৰ সৰ্বোচ্চ তাপমান। বুধবাৰৰ দিনটোত অসমৰ জিলাসমূহৰ ভিতৰত অধিক তাপমান আছিল গুৱাহাটীত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, বুধবাৰৰ দিনটোত গুৱাহাটীৰ তাপমান আছিল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ। তাৰ বিপৰীতে ডিব্ৰুগড়ত ৩৫.০, তেজপুৰত ৩৬.০, শিলচৰত ৩৭.৪, ধুবুৰীত ৩৩.৪, যোৰহাটত ৩৪.৭, উত্তৰ লখিমপুৰত ৩৫.৬ ডিগ্ৰী চেলচিয়াছ আছিল তাপমাত্ৰা। কিন্তু গৰমৰ পৰা পৰিত্ৰাণ পাব কেতিয়া?
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব যদিও গুৱাহাটীত বৰষুণৰ অহাৰ সম্ভাৱনা কম। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে নিম্নবায়ুৰ চাপ "বে অফ বেংগল" সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৭ কিলোমিটাৰ ওপৰেৰে বৈ থকাৰ কাৰণে গৰমৰ মাত্ৰা অত্যধিক হৈছে। এই নিম্নবায়ু হ্ৰাস পালে গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্য তথা মহানগৰবাসীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|