உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাইলৈও অসমৰ ঠায়ে ঠায়ে থাকিব ঘন কুঁৱলীৰ আচ্ছাদন! আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 

    কাইলৈও অসমৰ ঠায়ে ঠায়ে থাকিব ঘন কুঁৱলীৰ আচ্ছাদন! আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 

    অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু সংখ্যক ঠাইত কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

    অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু সংখ্যক ঠাইত কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

    অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু সংখ্যক ঠাইত কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

    • Share this:
    মাঘ বিহুৰ পিছতো হ্ৰাস পোৱা নাই ঠাণ্ডাৰ প্ৰকোপ। দিনে দিনে বৃদ্ধি হৈছে অসমৰ বিভিন্ন স্থানত কুঁৱলীৰ পৰিমাণ। কাৰণ ওড়িশাৰ সাগৰপৃষ্ঠৰ প্ৰায় ০.৯ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসমৰ তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কুঁৱলীৰ লগতে ঠাণ্ডাৰ প্ৰভাৱ পৰিছে।

    দেওবাৰে পুৱাৰ ভাগত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত যথেষ্ট পৰিমাণৰ কুঁৱলীয়ে আৱৰি ধৰাৰ উপৰি সোমবাৰে অৰুণাচল প্ৰদেশত কুঁৱলীৰ লগতে কিছু ঠাইত সামান্য পৰিমাণৰ বৰষুণ সম্ভৱনা আছে।

    ইয়াৰ উপৰিও অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু সংখ্যক ঠাইত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। সাগৰপৃষ্ঠত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত সোমবাৰৰ দিনটোত অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ কিছু কিছু ঠাইত ঘন কুঁৱলীয়ে আৱৰি ধৰাৰ আগজাননী জাৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
    Published by:Sanjay Kumar Das
    First published: