৩০ মাৰ্চত অসমৰ বিভিন্ন স্থানত ৪০–৫০ কিলোমিটাৰ গতিবেগত ধূলি ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ সম্ভাৱনা আছে। ৩১ মাৰ্চত দক্ষিণ অসমত ৪০–৫০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ লগতে ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আনহাতে, ১ এপ্ৰিলত অসমৰ বিভিন্ন ঠাইত বৰষুণৰ উপৰিও ধেৰেকনি অহাৰ লগতে ২ এপ্ৰিলত বিভিন্ন স্থানত বৰষুণ অহাৰ আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।