
অহা ২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত হ’ব মজলীয়া বৰষুণ।
অহা ২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত হ’ব মজলীয়া বৰষুণ।
অহা ২৪ ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ৰ কিছু কিছু ঠাইত ৩০–৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। লগতে অৰুণাচল প্ৰদেশতো হ’ব ধাৰাসাৰ বৰষুণ। অহা ২২ মে'ত অসম আৰু মেঘালয়ৰ কিছু কিছু ঠাইত ৪০–৫০ কিঃমিঃ গতিবেগত ধুমুহাৰ লগতে কিছু পৰিমাণৰ বৰষুণ আৰু ধেৰেকনিৰ সম্ভৱনাৰ আগজাননী সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
তাৰোপৰি অহা ২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত হ’ব মজলীয়া বৰষুণ। আজিৰে পৰা অহা ২২ মে’লৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব যদিও অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বহু ঠাইত মজলীয়া বৰষুণ হোৱাৰ উপৰি উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, অহা ২৪ মে'ৰ পিছৰ পৰাই লাহে লাহে উত্তৰ– পূৰ্বাঞ্চলত বৰষুণৰ হাৰ হ্ৰাস পোৱাৰ সম্ভৱনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|